নগাঁৱত ডাকৰঘাট অঞ্চলৰ বানাক্ৰান্তৰ মাজত সাহায্য বিতৰণ কংগ্ৰেছ নেতা শান্তনু শৰ্মাৰ

নগাওঁ

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

ৰাজ্যখনৰ লগতে নগাঁও জিলাতো শেহতীয়া বানে ত্ৰাসৰ সৃষ্টি কৰিছে।জিলাখনৰ বিভিন্ন ঠাইৰ লগতে নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত ডাকৰঘাট অঞ্চলতো বানে বিস্তৰ ক্ষতি সাধন কৰিছ।অঞ্চলটোত বিস্তীৰ্ণ অঞ্চলৰ কৃষিভূমি বানে নষ্ট কৰিছে।গৃহহীন হৈ পৰিছে বহু লোক।  বুুুধবাৰে এই বানপীড়িত লোকসকলৰ মাজত গৈ উপস্থিত হয় নগাঁৱৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা শান্তনু শৰ্মা।শৰ্মাই নগাঁও জিলা একাংশ এন এছ ইউ আই সদস্যৰ সহযোগত বানপীড়িত অঞ্চল সমূহ পৰিদৰ্শন কৰি বানাক্ৰান্ত লোকসকলৰ অৱস্থাৰ বুজ লোৱাৰ লগতে বানত ক্ষতিগ্ৰস্ত হোৱা প্ৰায় তিনিশ পৰিয়ালৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰে।উল্লেখ্য যে বিগত প্ৰায় এপষেক দিন ধৰি উক্ত অঞ্চলৰ ৰাইজ বানত ককবকাই আছে যদিও চৰকাৰৰ পৰা পৰ্যাপ্তভাৱে বান সাহায্য নোপোৱাৰ অভিযোগ উত্থাপন হৈছে।সেয়ে শৰ্মাই নগাঁও জিলা প্ৰশাসনৰ লগতে চৰকাৰক অতি শীঘ্ৰে বানপীড়িত লোকসকলক খাদ্য সামগ্ৰীকে ধৰি সকলো সা-সুবিধা প্ৰদান কৰিবলৈ আহ্বান জনায়।

 

Your Comments