কাথপাৰ চানৰাইজ ক্লাবৰ প্ৰশংসনীয় পদক্ষেপ:মেধা ছাত্ৰীক প্ৰদান কৰিলে প্ৰয়োজনীয় কিতাপ-বহী

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা মেধাৱী ছাত্ৰী চিত্ৰালী গগৈৰ ঘৰত চানৰাইজ ক্লাবৰ বিষয়ববীয়াসকল উপস্থিত হৈ প্ৰথম ষন্মাষিকৰ বাবে প্ৰয়োজনীয় কিতাপ-বহী প্ৰদান কৰে।১৯৭২ চনত কেইগৰাকীমান সচেতন যুৱকৰ প্ৰচেষ্টাত প্ৰতিষ্ঠা হৈছিল 'ছানৰাইজ ক্লাব'।ক্লাব প্ৰতিষ্ঠা হোৱাৰ পিছৰে পৰা যুৱকসকল একত্ৰিত হৈ অঞ্চলটোত বিভিন্ন উন্নয়নমূলক কাম-কাজ কৰি আহিছে। বিপদৰ সময়ত আৰ্তজনৰ কাষত এই ক্লাবৰ সদস্যসকল উপস্থিত হৈ সহায় কৰি আহিছে। তদুপৰি,লকডাউনৰ সময়ত ক্লাবৰ সদস্যসকলে আৰ্তজনক প্ৰয়োয়জনীয় খাদ্য সামগ্ৰী যোগান ধৰিছিল।ক্লাবৰ সদস্যসকলে অঞ্চলটোত চৰকাৰী বিভিন্ন আঁচনিত হোৱা অনিয়ম,বাট-পথৰ।নামত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি আহিছে।তদুপৰি,হেৰাই যাবলৈ ধৰা পৰম্পৰাগত খেল-ধেমালিসমূহ  আৰু নৱপ্ৰজন্মৰ প্ৰতিভা বিকাশ হোৱাকৈ বিভিন্ন কাৰ্যসূচীৰ মাজেৰে বিহু উদযাপন কৰি আহিছে।ক্লাবৰ সদস্যসকলে জনোৱা মতে মেধাৱী ছাত্ৰী চিত্ৰালী গগৈৰ ৬ টা ষন্মাষিকৰ কিতাপ-বহী আৰু প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰিব।ক্লাবৰ সদস্যসকলৰ এনে পদক্ষেপৰ অঞ্চলটোৰ জনসাধাৰণে শলাগ লৈছে।

Your Comments