মানুহ কিমান মানৱীয় হ’লে নিজৰ মৃত্যুৰ সময়তো আনৰ জীৱন ৰক্ষা কৰিবলৈ নিজকে উচৰ্গা কৰিব পাৰে?তেনে এক অতি মানৱীয় চিন্তাই এতিয়া সকলোকে ভবাই তুলিছে।
তেনে এজন ব্যক্তিৰ কথা শুনক। ব্যক্তিজন হ’ল কেৰেলাৰ এৰানাকুলাম জিলাৰ কেলভিন জয়(৩৯)।কিছুদিন পূৰ্বে পথ দুৰ্ঘটনাত আহত হৈ মগজু বিকল হৈ পৰে।তেওঁক লগে লগে কোচিৰ অমৃতা চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠানত ভৰ্ত্তি কৰোৱা হয় যদিও চিকিৎসকে তেওঁক Brain Dead বুলি ঘোষণা কৰে।তেতিয়াই কেলভিন আৰু তেওঁৰ পিতৃ-মাতৃৰ লগতে পৰিয়ালৰ লোকে কেৰেলা চৰকাৰৰ অংগ দান আঁচনি ‘মৃথা সঞ্জীৱনী’ৰ অধীনত তেওঁৰ দেহৰ অংগ সমূহ দান কৰিব বিচাৰে।
সেই অনুসৰি তেওঁৰ এখন হাত দান কৰে এইমচত চিকিৎসাধীন হৈ থকা এজন লোকক।তেওঁৰ কলিজা, হাওঁফাওঁ, অন্ত্ৰ যন্ত্ৰ আৰু চকু দান কৰে এইমচৰ ৫ জন চিকিৎসাধীন ৰোগীক।মৃথা সঞ্জীৱনী আঁচনিৰ নডেল বিষয়া ডাঃ নবল গ্ৰেচিয়াছে কয় এজন ব্যক্তিৰ অংগ ৮ ৰোগীক দিয়াটো এইয়া দেশৰে প্ৰথম ঘটনা।ক'ৰ'না মহামাৰীৰ বাবেহে এই খবৰ এতিয়া বেছি পোহৰলৈ অহা নাই বুলিও তেওঁ কয়।
- Log in to post comments
- 20 views