শিৱসাগৰত উপায়ুক্তৰ দ্বাৰা ক'ভিড-১৯ৰ স্বাৱ সংগ্ৰহ আৰু ৰেপিড এন্টিজেন টেষ্ট কেন্দ্ৰৰ উদ্বোধন

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

শিৱসাগৰ জিলাৰ উপায়ুক্ত লক্ষীনন্দন গগৈয়ে মঙলবাৰে ১ নং টাউন প্ৰাথমিক বিদ্যালয় প্ৰাংগণত এটা ক'ভিড-১৯ ৰ স্বাৱ সংগ্ৰহ আৰু ৰেপিড এন্টিজেন টেষ্ট কেন্দ্ৰৰ শুভ উদ্বোধন কৰে। 
উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা সভাত উপায়ুক্তগৰাকীয়ে কয় যে জিলা প্ৰশাসনে ক'ভিড-১৯ৰ গণ।সংক্ৰমণ প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ অংশৰূপে এই স্বাৱ সংগ্ৰহ আৰু ৰেপিড এন্টিজেন টেষ্ট কেন্দ্ৰটো মুকলি কৰা হৈছে।স্বাস্থ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই যোৱা ১৯ জুলাইত জিলাখনত অনুষ্ঠিত এখন পৰ্য্যালোচনা সভাত অংশগ্ৰহণ কৰি প্ৰদান কৰা এটা নিৰ্দেশ মৰ্মে এই কেন্দ্রটি স্থাপন কৰা হৈছে বুলিও তেওঁ সদৰি কৰে। জিলাখনৰ ৰাইজৰ সুবিধাৰ্থে আৰু তিনিটা স্বাৱ সংগ্ৰহ কেন্দ্ৰ বুুুধবাৰৰ পৰা মুকলি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি উপায়ুক্তগৰাকীয়ে উল্লেখ কৰে।এই কেন্দ্ৰকেইটা হ'ল ক্ৰমে শিৱসাগৰ পলিটেকনিক উচ্চতৰ মাধ্যমিক বিদ্যালয়,৫০২ নং জেঙণিকটিয়া বালিকা প্ৰাথমিক বিদ্যালয় আৰু শিৱসাগৰ ছোৱালী মহাবিদ্যালয়।ক'ভিড-১৯ ৰ গণ সংক্ৰমন ৰোধৰ বাবে ৰাইজে সচেতন হৈ স্বেচ্ছাই স্বাৱ পৰীক্ষা কৰিবলৈ আগবাঢ়ি অহা উচিত বুলি  তেওঁ উল্লেখ কৰে।ইয়াৰ দ্বাৰা নিজৰ লগতে আনৰো সুৰক্ষা নিশ্চিত হ'ব বুলিও তেওঁ মন্তব্য কৰে।উপায়ুক্তগৰাকীয়ে লগতে উল্লেখ কৰে যে ক'ভিড-১৯ ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় আৰ্বান মডেল হাস্পতালখনক ক'ভিড কেয়াৰ চেণ্টাৰ হিচাপে অতি শীঘ্ৰে প্ৰতিষ্ঠা কৰা হ'ব।এই সন্দৰ্ভত যাৱতীয় প্ৰস্তুতি ইতিমধ্যে ৯০ শতাংশ সম্পূৰ্ণ হৈছে বুলি তেওঁ জনায়।পৰৱৰ্তী পৰ্যায়ত কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে কাম কৰি থকা ডিমৌ পলিটেকনিক প্ৰতিষ্ঠানকো ক'ভিড কেয়াৰ চেণ্টাৰ হিচাপে গঢ়ি তোলা হ'ব বুলিও তেওঁ উল্লেখ কৰে।জিলা প্ৰশাসনে ক'ভিড ৰোগীৰ বাবে জিলাখনত আৰু ২৫০ খন বিচনাৰ ব্যৱস্থা কৰিব বুলিও উপায়ুক্তগৰাকীয়ে জনায়।তেওঁ জিলাখনৰ সংবাদসেৱীসকলক জনসাধাৰণৰ মাজত ক'ভিড-১৯ ৰোগৰ বিষয়ে সচেতনতা বৃদ্ধিৰ ক্ষেত্ৰত আগভাগ লবলৈও আহ্বান জনায়।সভাখনত সভাপতিত্ব কৰে জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ শ্যামন্ত মাধৱ শৰ্মাই।জিলা যক্ষ্মাৰোগ বিষয়া ডাঃ উদায়াদিত্য ৰাজকোঁৱৰে সভাত ৰেপিড এন্টিজেন টেষ্ট সম্পৰ্কে এটা চমু আভাস দিয়ে। উদ্বোধনী অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত বিদিত দাস,স্বাস্থ্য বিভাগৰ অতিৰিক্ত যুটীয়া সঞ্চালক ডাঃ মুকুল চন্দ্ৰ দাস,জিলা কুষ্ঠৰোগ বিষয়া দ্বীজেন কোচৰ লগতে ভালেসংখ্যক স্বাস্থ্যকৰ্মী আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

Your Comments