অৱশেষত ৰঙাঘৰৰ আলহী হ'ল হেমা চৌধুৰী। ফেচবুকত নগা জাতিক চূড়ান্তভাৱে অপমানি কৰি আৰক্ষীৰ জালত পৰিল মুম্বাইৰ হেমা চৌধুৰী।ইউটিউবত নগা জাতিক চূড়ান্তভাৱে অপমান কৰি নাগালেণ্ড আৰক্ষীৰ ৰোষত পৰিল মুম্বাইৰ হেমা চৌধুৰী।সোমবাৰে মুম্বাইৰ তথাকথিত পশুকৰ্মী হেমা চৌধুৰীক গ্ৰেপ্তাৰ কৰি বিয়লি বিশেষ বিমানেৰে ইম্ফললৈ লৈ আনে নগা আৰক্ষী দলে।ইউটিউবত নাগালেণ্ডবাসীৰ লগতে উত্তৰ-পূববাসীকো কটু ভাষাৰে গালি পাৰিছিল হেমা চৌধুৰীয়ে।উল্লেখযোগ্য যে হেমা চৌধুৰীয়ে নগা জাতিয়ে কুকুৰ ভক্ষণ কৰাক লৈ কৰিছিল সাম্প্ৰদায়িক মন্তব্য।নগাসকলক পালে এটা এটাকৈ গলা কাটিম আৰু চিংকি বুলিও ছ'চিয়েল মিডিয়াত তাচ্ছিল্য কৰিছিল হেমা চৌধুৰীয়ে ।ইয়াৰ পিছতে মুম্বাই আৰক্ষীৰ সহযোগত ক’হিমা আৰক্ষীয়ে হেমা চৌধুৰীক গ্ৰেপ্তাৰ কৰে যোৱা ১৭ জুলাইত৷যাৰ বাবেই ঘটনা সন্দৰ্ভত ক’হিমাত এটা গোচৰ ৰুজু কৰিছিল নাগালেণ্ড আৰক্ষীয়ে৷ভাৰতীয় দণ্ডবিধি আইন ১৫৩ক/১৫৩খ আৰু ৫০৫ৰ অধীনত চাইবাৰ ক্ৰাইম আৰক্ষী থানাত ৰুজু কৰা হৈছিল গোচৰ।
পোনপটীয়া বিমান চলাচল বন্ধ হৈ থকা বাবে নগা আৰক্ষীয়ে ইম্ফল বিমানবন্দৰত অৱতৰণ কৰে।ইয়াৰ পিছত তেওঁক ক'হিমালৈ আনি হেমা চৌধুৰীক সাম্প্ৰদায়িক মন্তব্য কৰা গোচৰৰ সন্দৰ্ভত নগা আৰক্ষীয়ে চলাব জেৰা।
- Log in to post comments
- 41 views