হাজোৰ কছুৱাৰবড়ীৰ ভগ্ন মথাউৰিৰে পুনৰ সোমাল পুঠিমাৰীৰ বাঢ়নী পানী:বন্যাৰ্তৰ হাহাকাৰ 

হাজোৰ পৰা কমলাকান্ত দাস:

পুঠিমাৰী নদীৰ পানী মঙলবাৰৰ পুৱাৰে পৰা ফেনে-ফোটোকাৰে বাঢ়ি অহাৰ ফলত হাজোৰ কছুৱাৰবড়ীৰ ভগ্ন মথাউৰিৰে পুনৰ হুৰা-হুৰে সোমাইছে পানী।যাৰ বাবে এতিয়া হাহাকাৰ লাগিছে বন্যাৰ্তৰ মাজত।উল্লেখ যে পুঠিমাৰী নদীৰ বাঢ়নী পানীয়ে যোৱা ১২ জুলাইৰ নিশা হাজোৰ কছুৱাৰবড়ী,৩ নং মনাহকুছি আৰু হাজো-কমলপুৰৰ সীমান্তৱৰ্তী কাবিলাৰ চাৰিটাকৈ স্থানত মথাউৰি ছিগি ৰঙিয়া, কমলপুৰ সমষ্টিৰ কেইবাখনো গাওঁ বুৰাই পেলোৱাৰ লগতে সমগ্ৰ হাজো সমষ্টি বুৰাই পেলাইছিল।যাৰ ফলত সৰ্বসাধাৰণ ৰাইজৰ আলাই-আথানি নোহোৱা হৈছিল।বিশেষকৈ হাজোৰ কছুৱাৰবড়ী,মনাহকুছি,হাদালা, তেতেলীয়া,বাহানা,দমদমা,গেৰুৱা,অভয়পুৰ, দধিকে ধৰি বিস্তীৰ্ণ অঞ্চল ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছিল।বানপানীৰ সামান্য উন্নতি হোৱাৰ পিছত বানাক্ৰান্ত একাংশ লোক আশ্ৰয় শিবিৰৰ পৰা ঘৰমুখী হৈছিল যদিও মঙলবাৰে পুনৰ ভগ্ন অংশৰে নদীৰ বাঢ়নী পানী সোমোৱাত বিপাঙত পৰিছে বানপীড়িত ৰাইজ।

Your Comments