নগাঁৱৰ পৰা ৱাহিদুদ জামান:
নগাঁও জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়টো মঙলবাৰে কনটেইমেণ্ট জ'ন হিচাপে ঘোষণা কৰে নগাঁও জিলা প্ৰশাসনে।উল্লেখযোগ্য যে কাৰ্যালয়টোৰ কম্পিউটাৰ বিভাগত কৰ্মৰত আশীষ সাহা নামৰ এগৰাকী কৰ্মচাৰীৰ দেহত সোমবাৰে ধৰা পৰিছে ক'ভিড ১৯ৰ উপস্থিতি।
ইয়াৰ পূৰ্বেও দেওবাৰে গোপাল থাপা নামৰ কাৰ্যালয়টোৰ আন এজন চালকৰ দেহতো ধৰা পৰিছিল ক'ভিড ১৯ৰ পজিটিভ।সম্প্ৰতি ক'ভিড ১৯ত আক্ৰান্ত দুয়োকে নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক'ভিড হস্পিতালত ভৰ্তি কৰোৱা হৈছে।এই দুয়োজন কৰ্মচাৰীৰ কোনো ভ্ৰমণ বৃত্তান্ত নাছিল বুলি বিভাগীয় সূত্ৰত জানিব পৰা গৈছে।ইয়াৰ পিছতে মঙলবাৰে জিলা প্ৰশাসনে কাৰ্যালয়টো ৪/৫ দিনৰ বাবে কনটেইমেণ্ট জ'ন হিচাপে ঘোষণা কৰাৰ লগতে কাৰ্যালয়টো সম্পূৰ্ণৰূপে ছেনিটাইজ কৰাৰ ব্যৱস্থা কৰে।এতিয়াৰ পৰা কাৰ্যালয়টোৰ কাম-কাজ জিলা গ্ৰামোন্নয়ন অভিকৰণৰ কাৰ্যালয়ৰ সভাকক্ষৰ পৰা চলিব বুলি যুটীয়া স্বাস্থ্য সঞ্চালক অতুল চন্দ্ৰ পাটৰে সংবাদমাধ্যমক জানিবলৈ দিয়ে।
- Log in to post comments
- 8 views