নগাঁৱৰ পৰা ৱাহিদুদ জামান:
নগাঁও কেন্দ্ৰীয় কাৰাগাৰত ইজনৰ পিছত সিজন হাজোতী ক'ভিডত আক্ৰান্ত হৈছে। কাৰাগাৰখনত স্বাস্থ্য বিভাগে শুকুৰবাৰে কৰা ৰেপিড এন্টিজেন্ট পৰীক্ষাত চাৰিজন হাজোতীৰ দেহত ক'ভিড পজিটিভ চিনাক্ত হয়।হাজোতীকেইজন হৈছে শ্বহিদুল সৰকাৰ,নোমল ভূঞা,কামিনী কাঞ্চন বৰুৱা আৰু বিশ্বজিৎ দেৱনাথ।শুকুৰবাৰেই এই কেইজনৰ ক'ভিড চিনাক্ত কৰা হয় যদিও তেওঁলোকক স্বাস্থ্য বিভাগে চিকিৎসাৰ বাবে ক'ভিড হস্পিতাললৈ নিয়া নাই।মূলত:নিৰাপত্তাজনিত কাৰণতে হাজোতীকেইজনক চিকিৎসালয়লৈ নিয়া হোৱা নাই বুলি জানিব পৰা গৈছে।ইফালে , কেইদিনমান পূৰ্বে ক'ভিডত আক্ৰান্ত হোৱা কাৰাগাৰখনৰ আব্দুল গফুৰ নামৰ আন এজন হাজোতীক শুকুৰবাৰে কাৰাগাৰখনলৈ ওভতাই পঠিওৱা হয় বুলি জানিব পৰা গৈছে।এই হাজোতীজনক ১৪ জুলাইত চিকিৎসাৰ বাবে নগাঁৱৰ ক'ভিড হস্পিতালত ভৰ্তি কৰা হৈছিল।কিন্তু তিনিদিনৰ পিছতে তেওঁক কাৰাগাৰলৈ ওভতাাই পঠিওৱা হয়।নিৰাপত্তাজনিত কাৰণতে চিকিৎসা সম্পূৰ্ণ নোহোৱাকৈ হাজোতীজনক কাৰাগাৰলৈ ঘূৰাই পঠিওৱা হয় বুলি সন্দেহ কৰা হৈছে।শুকুৰবাৰে সোণাপুৰ ক'ভিড চেন্টাৰৰ পৰা এজন কাৰাবন্দীয়ে পলাবলৈ চেষ্টা কৰাৰ পিছতে সতৰ্কতামূলক ব্যৱস্থা হিচাপে প্ৰশাসনে এনে কৰাৰ সন্দেহ কৰা হৈছে।ইফালে,ক'ভিড ৰোগীক কাৰাগাৰতে ৰখাক লৈ আন কাৰাবন্দী আৰু কৰ্মচাৰীলৈ ক'ভিড সংক্ৰমণৰ আশংকাত ত্ৰস্তমান হৈছে কাৰাগাৰ কৰ্তৃপক্ষ। আনহাতে,নগাঁৱত কেইবাটাও সামাজিক সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে।নগাঁও উপায়ুক্তৰ কাৰ্যালয়ৰ উন্নয়ন বিভাগৰ পৱিত্ৰ ৰাদু নামৰ এজন কৰ্মচাৰী ক'ভিড আক্ৰান্ত হৈছে।নগাঁও বৰপাথৰি পানী গাঁৱৰ একে পৰিয়ালৰ তিনি ভাই-ককাইৰ ক'ভিড পজিটিভ চিনাক্ত হৈছে।
- Log in to post comments
- 10 views