হাজো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় প্ৰাংগণত বান সাহায্যৰ দাবীত বন্যাৰ্তৰ উত্তাল প্ৰতিবাদ 

হাজোৰ পৰা কমলাকান্ত দাস:

এফালে ক'ৰ'নাৰ সংহাৰ,আনফালে বানৰ তাণ্ডৱ।তাৰ মাজতে তীৰ্থ নগৰী হাজোত শনিবাৰে বন্যাৰ্তৰ উত্তাল  প্ৰতিবাদ।মূলত:  উত্তৰ হাজোৰ বাগটা,ভোমাৰবৰী,হৈনাদী,দিহিনা,জাপিয়া,হিৰাজেনী,কোঁৱৰপূৰ,বামুনবৰী,খোপনিকুছি,  কলিতাকুছি,ৰাজাবজাৰকে ধৰি অৰ্ধ শতাধিক গাঁৱৰ বন্যাৰ্ত লোকসকলে এতিয়া বান      সাহায্যৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।সেয়ে এমুঠি অন্নৰ বাবে শুকুৰবাৰে দুপৰীয়া হাজো ৰাজহ চক্ৰৰ কাৰ্যালয় চৌহদত উত্তৰ হাজোৰ দুই শতাধিক বন্যাৰ্ত লোকে বিভিন্ন প্ৰতিবাদী শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে।বন্যাৰ্ত ৰাইজৰ অভিযোগ ,আজিলৈ ৭ দিন হ'ল,কিন্তু উত্তৰ হাজোৰ বানাক্ৰান্ত অঞ্চলত উপস্থিত হোৱা নাই কোনো জনপ্ৰতিনিধি কিম্বা  হাজোৰ চক্ৰ বিষয়া।বান সাহায্যৰ নামত বন্যাৰ্ত খাটিখোৱা গঞা ৰাইজৰ মাজত বিলোৱা হৈছে মাথোঁ পশু খাদ্য।সংহাৰী বানৰ কৱলত জীৱন-জীৱিকা হেৰুৱাই সর্বস্বান্ত হোৱাৰ পিছতো কোনো গুৰুত্ব নাই প্ৰশাসনৰ।তাৰেই পৰিপ্ৰেক্ষিতত বন্যাৰ্ত প্ৰতিবাদকাৰীসকলে "মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুর্দাবাদ,বিধায়িকা সুমন হৰিপ্ৰিয়া মুর্দাবাদ,বিজেপি চৰকাৰ হায় হায়,আমাক খাদ্য সামগ্ৰী যোগান ধৰক,নহ'লে আমাক গুলীয়াই মাৰক" ধ্বনিৰ উত্তাল কৰি তোলে হাজো ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় চৌহদ। লক্ষণীয়ভাৱে,ৰাজহ চক্ৰ বিষয়া সুকন্যা বৰাৰ সন্মুখতে কৰা বন্যাৰ্তৰ এনে উত্তাল প্ৰতিবাদে বিশেষ তাৎপৰ্য বহন কৰে।অৱশ্যে সেই সময়তে প্ৰতিবাদস্থলীত কামৰূপ জিলাৰ অতিৰিক্ত উপায়ুক্ত গুণজিৎ ৰায় চৌধুৰী উপস্থিত হৈ ক্ৰমশঃ উত্তপ্ত হৈ পৰা পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।বন্যাৰ্ত প্ৰতিবাদী ৰাইজে ৭ দিন ধৰি বান সাহায্য নোপোৱাৰ বাবে শীঘ্ৰে তদন্ত বিচাৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ অতিৰিক্ত উপযুক্তগৰাকীৰ জড়িয়তে এখন স্মাৰকপত্ৰ প্ৰদান কৰে।ইফালে,হাজোৰ চক্ৰ বিষয়া সুকন্যা বৰাই জনোৱা মতে ইতিমধ্যে পশু খাদ্য,তিৰ্পালৰ লগতে ভোমাৰবৰী অঞ্চলৰ ১৪০ টা পৰিয়ালৰ মাজত দুদিনৰ বাবে চাউল,দাইল,নিমখ,মিঠাতেল আদি বিতৰণ কৰা হৈছে।

Your Comments