গন্ধমৌত পথ দুৰ্ঘটনাত যুৱক নিহত

Pic

মৃণাল ডেকা,শুৱালকুছি:

কামৰূপ জিলাৰ শুৱালকুছি  আৰক্ষীৰ থানাৰ অন্তৰ্গত গন্ধমৌত শুকুৰবাৰে নিশা হোৱা এটা পথ দুৰ্ঘটনাত থিতাতে এজন যুৱক  নিহত হোৱা ঘটনাত সমগ্ৰ অঞ্চলজুুৰি শোকৰ ছাঁঁ পৰিছে।জানিব পৰা মতে,১ নং কিছমৎ বংশৰৰ প্ৰয়াত থানেশ্বৰ মালাকাৰ আৰু মালতী মালাকাৰৰ কনিষ্ঠ পুত্ৰ নয়ন মালাকাৰে (২৭) নিজৰ এএচ২৫ শূন্য ১৮২৬ পালছাৰ মটৰচাইকেলখনেৰে শুৱালকুছিৰ দিশৰ পৰা নিজ গৃহলৈ আহি থকা অৱস্থাত নিজ গন্ধমৌ চ’কৰ সমীপৰ এটা কেকুঁৰিত নিয়ন্ত্ৰণ হেৰুৱাই ওচৰতে থকা দ' খাৱৈত মটৰচাইকেল সহ পৰি যায়।যুৱকজনক স্থানীয় ৰাইজে উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে।শনিবাৰে শুৱালকুছি আৰক্ষী থানাই যুৱকজনৰ মৃতদেহ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।সৰবৰহী যুৱক নয়ন মালাকাৰৰ অকাল মৃত্যুত অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰিছে।

Your Comments