ঋতু পৰ্ণ শৰ্মা,নগাঁও:
সদৌ অসম ফুটবল প্ৰশিক্ষক সন্থাৰ অন্তৰ্গত ফুটবল প্ৰশিক্ষকসকলৰ বাবে অহা ১৯ জুলাই,দেওবাৰে এটা অনলাইন ফুটবল প্ৰশিক্ষণৰ বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হৈছে।উল্লেখ্য যে ৰাজ্যখনত ফুটবলৰ উত্তৰণৰ লগতে প্ৰশিক্ষকসকলক একগোট কৰি বিভিন্ন ধৰণৰ নীতি-নিয়ম ক্ৰীড়া-কৌশল আদিৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰাৰ উপৰি প্ৰশিক্ষকসকলে উন্নতমানৰ প্ৰশিক্ষণ প্ৰদান কৰি সুপ্ত প্ৰতিভা বিকাশ কৰি একোগৰাকী একোগৰাকী সফল ফুটবলাৰ বা একোটা শক্তিশালী দল গঠন কৰিব পাৰে তাৰ লক্ষ্যৰেই সন্থাই এনেধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে।সেই অনুসৰি Road to Final অৰ্থাৎ একো একোখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত আৰম্ভণিৰে পৰা ফাইনেললৈকে পাবৰ বাবে কেনেধৰণে আগবাঢ়িব লাগিব,কেনেধৰণৰ দল গঠন কৰিব সেই বিষয়ে বক্তৃতা প্ৰদান কৰিব।
উক্ত মূল বিষয়ৰ ওপৰত ৰবিবাৰে বিয়লি ৩:৩০ৰ পৰা ৪:৩০ বজালৈ বক্তৃতা প্ৰদান কৰিব ফুটবলৰ অভিজ্ঞতাসম্পন্ন এন আই এছ প্ৰশিক্ষক,এ এফ চি চিৰ 'চি' লাইচেঞ্চপ্ৰাপ্ত,পূৰ্বৰ গোলাঘাট 'ছাই'ৰ ফুটবল প্ৰশিক্ষক তথা বৰ্তমানৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ প্ৰশিক্ষক দৰ্শন গোঁহাইয়ে। উল্লেখ্য যে অসম ফুটবল প্ৰশিক্ষক সন্থাৰ প্ৰশিক্ষকসকলৰ উপৰি আন কোনো ইচ্ছুক ফুটবল খেলুৱৈ তথা প্ৰশিক্ষকসকলেও এই বক্তৃতা অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিচাৰে তেন্তে অনুষ্ঠানৰ আৰম্ভণিৰ পূৰ্বে https://meet.google.com/bxmk-miu-jsf এই লিংকত যোগাযোগ কৰি অংশগ্ৰহণ কৰিব পাৰিব বুলি সদৌ অসম ফুটবল প্ৰশিক্ষক সন্থাৰ সভাপতি বিধান দাস আৰু সম্পাদক ড: মণ্টু বড়োৱে জনাইছে।
- Log in to post comments
- 16 views