দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
দেশৰ লগতে অসমতো ক'ৰ'না মহামাৰীয়ে কাল ৰূপ ধাৰণ কৰাৰ সময়ত শুকুৰবাৰে ভাৰতীয় জনতা যুৱ মৰ্চাৰ নলবাৰী জিলাৰ বড়িগোগ বনভাগ মণ্ডল সমিতিৰ উদ্যোগত ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ বাবে বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলৰ বিভিন্ন ঠাইৰ লগতে নীলপুৰ বজাৰ চ'ক আৰু খাতিকুছি বজাৰ চ'কত বিনামুলীয়াকৈ মাক্স বিতৰণ কৰা হয়।যুৱ মৰ্চাই নলবাৰী জিলাৰ মহিলা আত্মসহায়ক গোটৰ দ্বাৰা প্ৰস্তুত কৰা কেইবাশ মাক্স পথচাৰী আৰু ব্যৱসায়ীসকলৰ মাজত বিতৰণ কৰি সামাজিক তথা শাৰীৰিক ব্যৱধান মানি চলি জৰুৰী কামতহে ঘৰৰ পৰা বাহিৰলৈ আহিবলৈ ৰাইজক আহ্বান জনায়।মণ্ডল যুৱ মৰ্চাৰ উক্ত কাৰ্যসূচীত নলবাৰী জিলা যুৱ মৰ্চাৰ সভাপতি পংকজ ডেকা,বড়িগোগ বনভাগ মণ্ডল যুৱ মৰ্চাৰ সভাপতি গৌতম কাকতি,নলবাৰী জিলা বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য কুলদীপ কলিতা,যুৱ মৰ্চাৰ মণ্ডল কোষাধ্যক্ষ হেমাংগ দাস,জিলা যুৱ মৰ্চাৰ সম্পাদক কিশোৰ দাস, বিজেপি যুৱ নেতা জিতু কলিতা,হিতেশ ব্ৰহ্ম,কমল বৰা,দ্বীপজ্যোতি কলিতা,সুৰেশ কলিতা,প্ৰতুল চৌধুৰী,হৰকান্ত বৰ্মন,মহেশ কলিতা,বিদ্যুৎ কলিতাসহ কেইবাজনো নেতা আৰু কৰ্মকৰ্তামসকল উপস্থিত থাকে।
- Log in to post comments
- 39 views