ভাৰতীয় ৰে'লৰ বেচৰকাৰীকৰণ:বঙাইগাঁৱত চিটুৰ প্ৰতিবাদ 

Bongaigaon

বঙাইগাঁৱৰ প্ৰতিবেদক:

ভাৰতীয় ৰে'লৰ বেচৰকাৰীকৰণৰ বিৰুদ্ধে আজি 'চিটু'ৰ আহ্বানত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে শুকুৰবাৰে বঙাইগাঁৱতো প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়।চিটুৰ বঙাইগাঁও-চিৰাং জিলা কমিটিৰ উদ্যোগত নিউ বঙাইগাঁও জংচনৰ সন্মুখত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশ গ্ৰহণ কৰা সকলে বিভিন্ন শ্লোগান দি কেন্দ্ৰীয় চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে ৷ জিলা সমিতিয়ে কয় যে দেশৰ বৃহৎ উদ্যোগ তথা আৰ্থিক ক্ষেত্ৰত অভূতপূৰ্ব বৰঙণি আগবঢ়োৱা সাধাৰণ জনগণৰ যাতায়তৰ বাবে অতি উত্তম পৰিবহণ ব্যৱস্থাটোৱে হৈছে ভাৰতীয় ৰে'ল। যাৰ সম্পৰ্কত অনেক বিশ্লেষণ কৰিব পাৰি। এই ভাৰতীয় ৰে'ল প্ৰতিষ্ঠা কৰিছিল পৰাধীন ভাৰতৰ শাসক বৃটিছে । কিন্তু সম্প্ৰতি মোডী চৰকাৰে এই সম্পদ কৰ্পৰেট খণ্ডক বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।সেয়ে ইয়াৰ বিৰুদ্ধে গণ আন্দোলন গঢ়ি তোলাৰ জৰুৰী প্ৰয়োজন আহি পৰিছে। উল্লেখ্য যে কাৰ্যসূচীৰ অন্তত চিটুৰ সভাপতি হৰেশ্বৰ দাস আৰু সম্পাদক হেমকান্ত ৰায় স্বাক্ষৰিত এখন স্মাৰক পত্ৰ নিউ বঙাইগাঁও ষ্টেচন অধীক্ষক আৰু বঙাইগাঁও জিলা উপায়ুক্তৰ জৰিয়তে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰে৷

 

Your Comments