ক'ৰ'না ভাইৰাছ:দহ দিনৰ বাবে বন্ধ কৰি দিয়া হ'ল নিউ বঙাইগাঁও ৰে'লৱে কাৰখানা 

Bongaigaon

বঙাইগাঁৱৰ প্ৰতিবেদক:

বঙাইগাঁও জিলাত এতিয়া ক'ৰ'না ভাইৰাছৰ সংক্ৰমণে ক্ৰমাৎ  ভয়াৱহ ৰূপ ধাৰণ কৰিবলৈ লৈছে ৷ বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা ৷ বৰ্তমানলৈ জিলাখনৰ মুঠ ২২৩ জনকৈ ব্যক্তি কোভিড-১৯ ত  আক্ৰান্ত হৈছে ৷ আক্ৰান্তসকলৰ ভিতৰত ১৬১ জন ৰোগী সুস্থ হোৱাৰ বিপৰীতে ৫১ জন চিকিৎসাধীন হৈ আছে ৷ আনহাতে,১১ জন ব্যক্তি বঙাইগাঁও জিলাৰ বাহিৰৰ ৷ ইপিনে কৰ'না ভাইৰাছৰ সংক্ৰমণৰ পৰা সাৰি বাদ পৰি যোৱা নাই বিভিন্ন চৰকাৰী - বেচৰকাৰী কাৰ্যালয়,কাৰখানা আদিৰ কৰ্মচাৰীও ৷ ফলত জিলা প্ৰশাসনে কৰ'নাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে বন্ধ কৰি দিবলগীয়া হৈছে কাৰ্যালয়,কাৰখানা,বেংক, ফাৰ্মাচী আদি ৷ শেহতীয়াকৈ বঙাইগাঁৱৰ নিউ বঙাইগাঁওস্থিত ৰে'লৱে ডবা মেৰামতি কাৰখানাৰ এগৰাকী কৰ্মচাৰীৰ দেহত কোভিত-১৯ পজিটিভ ধৰা পৰাৰ পিচতে বঙাইগাঁও জিলা প্ৰশাসনে আজিৰে পৰা দহ দিনৰ বাবে কাৰখানাটোৰ কাম-কাজ বন্ধ ৰখাৰ নিৰ্দেশ জাৰি কৰিছে ৷ লগতে ৰে'লৱে কাৰখানাটোৰ সকলো বিষয়া - কৰ্মচাৰীক ১৮ জুুুলাইত কোভিড-১৯ ৰ পৰীক্ষাৰ বাবে স্বাৱ দিবলৈ নিৰ্দেশ দিছে ৷ একেদৰে নিউ বঙাইগাঁও ৰে'লৱে জংচনৰ আৰ পি এফত কৰ্মৰত এজন ব্যক্তিৰ দেহতো কোভিড- ১৯ পজিটিভ ধৰা পৰিছে ৷ কোভিডত আক্ৰান্ত হোৱা ৰোগীজনে লাইফ ফাৰ্মাত জ্বৰ হৈ থকাত চিকিৎসকৰ ওচৰ চাপিছিল।সেয়ে এতিয়া ব্যক্তিজনৰ দেহত কোভিড-১৯ পজিটিভ ধৰা পৰাত ব্যক্তিজনৰ সৈতে বিভিন্নজন সংস্পৰ্শলৈ অহাত জিলা প্ৰাশাসনে আজিৰে পৰা লাইফ ফাৰ্মা কেম্পাচৰ ফাৰ্মাচী,ক্লিনিক,চিকিৎসকৰ চেম্বাৰ দহ দিনৰ বাবে বন্ধ ৰখাৰ নিৰ্দেশ দিছে ৷ লগতে লাইফ ফাৰ্মা কেম্পাচৰ চিকিৎসক তথা ফাৰ্মাচী,ক্লিনিক আৰু চিকিৎসকৰ চেম্বৰৰ সকলো কৰ্মীক ১৮ জুলাইৰ ভিতৰত কোভিড- ১৯ পৰীক্ষাৰ বাবে স্বাৱ দিৱলৈ নিৰ্দেশ দিছে ৷ সেইদৰে বঙাইগাঁও জিলাত দহ দিনলৈ চিকিৎসকক সাক্ষাৎ কৰিব নোৱাৰিব মেডিকেল ৰিপ্ৰেজেণ্টেটিভসকলে।বঙাইগাঁও জিলা প্ৰশাসনে শুকুৰবাৰৰ পৰা দহ দিনৰ বাবে জিলাখনত মেডিকেল ৰিপ্ৰেজেণ্টেটিভসকলক চিকিৎসকসকলক সাক্ষাৎ কৰাকে ধৰি সকলো কামৰ পৰা বিৰত থকাৰ বাবে নিৰ্দেশ জাৰি কৰিছে ।লগতে, ৰিপ্ৰেজেণ্টেটিভ সেৱাৰ লগত জড়িত সকলোকে ১৮ জুলাইৰ ভিতৰত কোভিড পৰীক্ষাৰ বাবে স্বাৱ দিবলৈ নিৰ্দেশ দিছে ৷ আনহাতে আজিৰে পৰা জিলাখনত দহ দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে কুৰিয়াৰ সেৱা (COURIER SERVICE)।জিলা প্ৰশাসনে এই নিৰ্দেশ জাৰি কৰিছে।লগতে,কুৰিয়াৰ সেৱাৰ লগত জড়িত সকলো কৰ্মচাৰীকে ১৮ জুলাইৰ ভিতৰত কোভিড পৰীক্ষাৰ বাবে স্বাৱ দিৱলৈ নিৰ্দেশ দিছে।উল্লেখ্য যে বঙাইগাঁও জিলাত কোভিড-১৯ত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাই থকাত জিলা প্ৰাশাসনে জনসাধাৰণৰ স্বাস্থ্যৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি তথা ক'ৰ'নাৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে এই নিৰ্দেশ জাৰি কৰিছে ৷  

 

Your Comments