নলবাৰীৰ উৰণীয়া সেতুৰ পথ নিৰ্মাণ সন্দৰ্ভত বিভাগীয় বিষয়াৰ সৈতে বিধায়ক অশোক শৰ্মাৰ আলোচনা

Pic

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

শুকুৰবাৰে অসম চৰকাৰৰ Signature Projectৰ অধীনত নিৰ্মীয়মান নলবাৰীৰ গণেশ মন্দিৰৰ পৰা হৰি মন্দিৰ উৰণীয়া সেতুলৈ যোৱা পথটোৰ লগতে উৰণীয়া সেতু সন্দৰ্ভত বিভাগীয় আমোলা-বিষয়াৰ সৈতে আলোচনা কৰা হয়।এই আলোচনাত ইয়াৰ লগত জড়িত থকা আটাইকেইটা বিভাগৰ মুৰব্বীসকলৰ লগত নলবাৰী আৱৰ্ত ভৱনত নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মায়ো অংশগ্ৰহণ কৰে।এই আলোচনাত নলবাৰী ৰাজহচক্ৰৰ চক্ৰ বিষয়া বনশ্ৰী ডেকাৰ উপৰিও নলবাৰীৰ গড়কাপ্তানি পথ,বিদ্যুৎ বিভাগ,জলসম্পদ আদি বিভাগৰ মুৰব্বীসকল উপস্থিত থাকে। এই সভাখনত পথটোৰ নিৰ্মাণ-কার্যত হোৱা অসুবিধাসমূহ দূৰ কৰি সুন্দৰভাৱে পথটো নিৰ্মাণৰ ক্ষেত্ৰত সকলো বিভাগৰ সহযোগিতা কামনা কৰে বিধায়ক অশোক শৰ্মাই।

Your Comments