কাৰাগাৰত কিহৰ ভয়ে খেদি ফুৰিছে ইন্দ্ৰাণী মুখাৰ্জীক?

Indrani

"মোৰ ভয় লাগিছে,মই ভালদৰে শুব পৰা নাই, ভালদৰে খাবও পৰা নাই।"এই ভাষ্য দেশৰ অন্যতম হাইপ্ৰোফাইল কেছ শ্বীণা বৰাৰ হত্যাকাণ্ডত অভিযুক্ত মাতৃ ইন্দ্ৰাণী মুখাৰ্জীৰ।সম্প্ৰতি ইন্দ্ৰাণী মুখাৰ্জী মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰৰ আলহী।কিন্তু শেহতীয়াকৈ ইন্দ্ৰাণীয়ে এটা সংশয়ৰ মাজেৰে এটি এটি ক্ষণ পাৰ কৰিছে।কিন্তু কিহৰ কিহলৈ ভয় মুখাৰ্জীৰ?সেই ভয় কোনো ভূত-প্ৰেতৰ ভয় নহয়,ইন্দ্ৰাণীয়ে ভয় কৰিছে ক’ৰ'নাক।দৰাচলতে মুম্বাইৰ আৰ্থাৰ ৰোড কাৰাগাৰত বন্দী হৈ থকা বহুকেইজন বন্দী ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছতে ইন্দ্ৰাণী মুখাৰ্জীয়েও ক’ৰ'না ভাইৰাছত আক্ৰান্ত হোৱাৰ আশংকা কৰি চিবিআইৰ বিশেষ আদালতত ৪৫ দিনৰ অন্তৱৰ্তীকালীন জামিন বিচাৰি আবেদন জনাইছিল।কিন্তু আদালতে শুকুৰবাৰে ইন্দ্ৰাণীৰ আবেদন নাকচ কৰে।চৰকাৰী অধিবক্তা মনোজ চালানডানে এই প্ৰসংগত কয় যে ইন্দ্ৰাণী মুখাৰ্জী কোনো ৰোগত আক্ৰান্ত হোৱা নাই আৰু সেই বাবে তেওঁক জামিন দিয়াৰো যুক্তি নাই।

Your Comments