ক্ৰমান্বয়ে সুস্থিৰ হৈছে হাজোৰ বান পৰিস্থিতি:আৰ্তজনলৈ সহায়ৰ হাত বিজেপি যুৱ নেতাৰ

হাজোৰ পৰা কমলাকান্ত দাস:

ক্ৰমান্বয়ে সুস্থিৰ হৈছে হাজোৰ বান পৰিস্থিতি।বিগত কিছুদিন পূৰ্বে নেৰানেপেৰা বৰষুণৰ ফলত পুঠিমাৰী নদীত অস্বাভাৱিক হাৰত বৃদ্ধি পোৱা বাঢ়নি পানীয়ে হাজোৰ চাৰিটাকৈ স্থানত মথাউৰি ছিগি পেলোৱাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ কেইবাখনো গাঁও জলমগ্ন হৈ পৰিছিল।কিন্তু পূৰ্বৰ তুলনাত পুঠিমাৰী নদীৰ জলস্তৰ কিছু হ্ৰাস পোৱাৰ ফলত অঞ্চলটোৰ বান পৰিস্থিতি কিছু সুস্থিৰ হয় যদিও শেহতীয়াকৈ ব্ৰহ্মপুত্ৰ নদীৰ বৃদ্ধি পোৱা জলস্তৰে পুনৰ ন-ন অঞ্চল প্লাৱিত কৰি তুলিছে।সম্প্ৰতি জীৱন-মৰণৰ আশংকাত দিন অতিবাহিত কৰিছে বহুসংখ্যক লোকে।নিজৰ আপোন ভেটিটো এৰি প্ৰাণৰ মমতাত বহুসংখ্যক লোকে আশ্ৰয় লৈছে কোনো শিক্ষানুষ্ঠানত।এফালে যদি মহামাৰী ক'ৰ'নাৰ সন্ত্ৰাস,আনফালে আকৌ জীয়াই থকাৰ তাড়না।এমুঠি খাবলৈও নাই এওঁঁলোকৰ হাতত।কিন্তু তাৰ মাজতে বুধবাৰে বিজেপি নেতা ৰাতুল শৰ্মাই আৰ্তজনলৈ কিছু সহায়ৰ হাত আগবঢ়ায়।বুধবাৰে নেতাজনে আশ্ৰয় শিৱিৰত থকা পাঁঁচশটা পৰিয়ালৰ মাজত চিৰা,বিস্কুট,গাখীৰ,চেনী,মমবাতি,চাবোন তথা অন্যান্য প্ৰয়োজনীয় বস্তুৰ লগতে ক'ৰ'না প্ৰতিৰোধী মাক্সো বিতৰণ কৰে।যুৱ নেতাগৰাকীয়ে ক'ৰ'নাৰ পৰা হাত সাৰিবলৈ সকলোকে মাক্স পৰিধান কৰিবলৈ আহ্বান জনায়।উল্লেখ্য যে যুৱ নেতা ৰাতুল শৰ্মাৰ লগতে আন বহুকেইজন বিজেপি নেতা-কৰ্মীয়ে বান পীড়িতসকলৰ পৰিস্থিতিৰ বুজ লয়।

Your Comments