কামৰূপৰ শিঙিমাৰীত দাৰে ঘপিয়াই হত্যা কৰিলে এজনক 

মৃণাল ডেকা,শুৱালকুছি:

কামৰূপ জিলাৰ  দদৰা আৰক্ষী চকীৰ অন্তৰ্গত শিঙিমাৰী মাজৰ চুপাত বুধবাৰে  নৰেন বৰ্মন(৪০)নামৰ এগৰাকী ব্যক্তিয়ে  সামান্য  কথাতে প্ৰবীন বৰ্মন নামৰ এগৰাকী ব্যক্তিক ডিঙিত দাৰে ঘপিয়াই হত্যা কৰা ঘটনাত সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে।স্থানীয় ৰাইজৰ মতে,সামান্য কথাক কেন্দ্ৰ কৰি নৰেন বৰ্মনে একেই চুবুৰিৰ প্ৰবীন বৰ্মনক খেদি নি বাসগৃহৰ পৰা কিছুদূৰত দাৰে ডিঙিত ঘপিওৱাৰা ফলত থিতাতে প্ৰবীন বৰ্মন নিহত হয়।দাৰে ঘপিয়াই থৈ নৰেন বৰ্মনে নিজ বাসগৃহৰ ভিতৰত সোমাই থাকে।স্থানীয় ৰাইজৰ খবৰৰ ভিক্তিত দদৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ডিম্পল গয়াৰীৰ নেতৃত্বত অহা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ দলে সোমাই থকা ঘৰটোৰ চাৰিওফালে ঘেৰি লৈ হত্যাকাৰী বৰ্মনক ঘৰৰ ভিতৰৰ পৰা স্থানীয় ৰাইজৰ সহযোগত উলিয়াই আনে।পিছত আৰক্ষীৰ দলে বৰ্মনক গ্ৰেপ্তাৰ কৰি দদৰা আৰক্ষী চকীলৈ নিয়ে ৷ আনহাতে,প্ৰবীন বৰ্মনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়লৈ  প্রেৰণ কৰে। মৃত্যুৰ সময়ত প্ৰবীন বৰ্মনে পত্নী,এগৰাকী পুত্ৰ, বোৱাৰী আৰু নাতিক ইহসংসাৰত এৰি থৈ যায়।
 

Your Comments