দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:
সাংবাদিকতাৰে সমাজ সেৱাৰ পথ বাচি লোৱা নলবাৰী জিলাৰ ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ তদানীন্তন সম্পাদক,'দৈনিক অগ্ৰদূত'ৰ ঘগ্ৰাপাৰৰ সাংবাদিক,প্ৰাক্তন ছাত্র নেতা তথা শিক্ষক প্ৰদীপ কলিতাৰ মঙলবাৰে দ্বাদশ বাষিৰ্কী মৃত্যু তিথি উপলক্ষে ঘগ্ৰাপাৰ প্ৰেছ ক্লাবত এটা স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়।ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল চন্দ্ৰ ডেকাই আঁত ধৰা স্মৃতিচাৰণ অনুষ্ঠানটোত মুখ্য বন্তি প্ৰজ্বলনৰে কাৰ্য্যসূচীৰ আৰম্ভণি কৰে ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ সভাপতি অমূল্য কলিতাই।সাংবাদিক প্ৰদীপ কলিতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰাৰ পিছত সতীৰ্থ সাংবাদিক,বিশিষ্ট ব্যক্তিসকলে প্ৰয়াত সাংবাদিকগৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি প্ৰদান কৰি মৌন প্ৰাৰ্থনা কৰে।ইয়াৰ পিছতে স্মৃতি ৰোমন্থন কৰি সাংবাদিক তথা ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ উপদেষ্টা ফাইজুৰ ৰহমানে কয় যে সাংবাদিক প্ৰদীপ কলিতা নতুন প্ৰজন্মৰ বাবে প্ৰেৰনাৰ প্ৰতীক আছিল।তেওঁ আছিল এগৰাকী সৎ ,সাহসী,নিৰ্ভীক সাংবাদ সেৱক । শিক্ষক তথা সাংবাদিক অমূল্য কলিতা,প্ৰাক্তন ছাত্ৰ নেতা শৰৎ কলিতা,সাংবাদিক বীৰেন কলিতাই প্ৰয়াত কলিতাৰ সান্নিধ্য লাভ কৰাৰ স্মৃতি সুুঁঁৱৰি আবেগিক হৈ পৰে।অনুষ্ঠানত নলবাৰী জিলা উন্নতি সভাৰ সম্পাদক ৰাতুল চন্দ্ৰ ডেকা,সাংবাদিক তপন দাস,ঘগ্ৰাপাৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি হীৰকজ্যেতি শৰ্মা,অগপ নেতা কনক কলিতা,সাংবাদিক দ্বিজেন ডেকা,জগত তালুকদাৰ,হামিদ আলী,প্ৰাক্তন ছাত্ৰ নেতা হেমন্ত হালৈ,আদিয়ে অংশগ্ৰহণ কৰে।স্মৃতিচাৰণ অনুষ্ঠানটোত অঞ্চলটোৰ ভালেসংখ্যক প্ৰয়াত কলিতাৰ গুণগ্ৰাহীয়ে অংশগ্ৰহণ কৰে।
.
- Log in to post comments
- 15 views