নগাঁৱৰ টোকোলাই বেবেজীয়াত চাৰিজনৰ দেহত ধৰা পৰিল ক'ভিড পজিটিভ

Pic

ঋতু পৰ্ণ শৰ্মা,নগাঁও:

নগাঁও জিলাৰ বেবেজীয়া-ডিমৌ-বাংঠাই গাঁও পঞ্চায়তৰ অন্তৰ্গত টোকোলাই বেবেজীয়াত মঙলবাৰে এদিনতে চাৰিগৰাকী ব্যক্তিৰ ক'ভিড-১৯ পজিটিভ ধৰা পৰা ঘটনাই বৃহত্তৰ  অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত তথ্য মতে,জিলাখনৰ নগাঁও সদৰ বিধানসভা সমষ্টি তথা কাছমাৰী মৌজাৰ এলেকাধীন টোকোলাই বেবেজীয়া গাঁৱৰ স্বাস্থ্যকৰ্মী পংকজ দাসৰ পত্নী,ৰূপহীত কৰ্মৰত এএনএম নাৰ্ছ জুৰি বাৰিক দাস(৩৮),পুত্ৰ পল্লৱজ্যোতি দাস (৯),পংকজ দাসৰ শাহু পূৰ্ণিমাই বাৰিক (৬০)ৰ দেহত  মঙলবাৰে ক’ভিড-১৯ ৰ উপস্থিতি ধৰা পৰাৰ উপৰিও একেখন গাঁৱৰে লংকাত কৰ্মৰত কৃষ্ণ বণিয়াৰ কন্যা এএনএম নাৰ্ছ নীলাক্ষি বণিয়াৰ(৪২)ৰ দেহতো  ক'ৰ'নাৰ উপস্থিতি স্বাস্থ্য বিভাগে নিশ্চিত কৰাত বৃহত্তৰ টোকোলাই বেবেজীয়াৰ ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে।লোককেইজনৰ পৰীক্ষাৰ ফলাফলত তেওঁলোকৰ দেহত ক'ভিড-১৯ পজিটিভ ধৰা পৰাত লোককেইজনক চিকিৎসাৰ বাবে স্বাস্থ্য বিভাগে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে।জুৰি বাৰিকৰ পৰিয়ালৰ লোকসকলে গাঁৱৰ পৰিয়ালৰ আদ্যশ্ৰাদ্ধকে ধৰি বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰি ঘূৰি ফুৰাত অঞ্চলবাসী ৰাইজ শংকিত হৈ পৰিছে।আনহাতে,এই লোককেইজনৰ সংস্পৰ্শলৈ বহু লোক অহাৰ আশংকাত উদ্বিগ্ন কৰি তুলিছে টোকোলাই বেবেজীয়া সচেতন মহলক ৷

Your Comments