বৰভাগৰ বানপানীৰ সমস্যাৰ স্থায়ী সমাধানৰ দাবী:চক্ৰ বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী আৰু জলসম্পদ মন্ত্ৰীক ছাত্ৰ সন্থাৰ স্মাৰকপত্ৰ  প্ৰদান

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

বৃহত্তৰ বৰভাগ অঞ্চলৰ বানপানী সমস্যাৰ স্থায়ী সমাধানৰ বাবে বৰভাগ আঞ্চলিক ছাত্র সন্থাই মঙলবাৰে বৰভাগ ৰাজহচক্ৰৰ চক্ৰ বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু জলসম্পদ বিভাগৰ মন্ত্ৰীলৈ সুকীয়াকৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে।উল্লেখযোগ্য যে বৰভাগৰ বান নিয়ন্ত্ৰণৰ বাবে ১৯৬৪ চনতে তেতিয়াৰ জলসম্পদ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী ড: কে এল ৰাও বৰভাগলৈ আহি বৰভাগৰ বান নিয়ন্ত্ৰণৰ বাবে দুটা পৰামৰ্শ দিছিল।ইয়াৰে প্ৰথমটো পৰামৰ্শ কাৰ্যকৰী হোৱাৰ পিছত দ্বিতীয় পৰামৰ্শ মতে 'বৰভাগ ড্ৰেইনেজ ডেভেলপমেণ্ট স্কীম'খন আজি কুৰি বছৰে সম্পূৰ্ণ নহ'ল।যাৰ বাবে বৰভাগত প্ৰতিবছৰে বানপানীৰ সৃষ্টি হৈ ৰাইজ তথা কৃষকক জ্বলাকলা খুৱাই আহিছে।উক্ত আঁচনিখন        কাৰ্যকৰী কৰি বৰভাগৰ বানপানীৰ সমস্যাৰ এটা স্থায়ী সমাধানৰ বাবে স্মাৰকপত্ৰ যোগে সন্থাই দাবী জনায়।স্মাৰকপত্ৰ প্ৰদানত সহযোগ কৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্ত, বৰভাগ আঞ্চলিক ছাত্র সন্থাৰ উপদেষ্টা সীমান্ত কলিতা, সভাপতি ব্ৰজেন কলিতা,সাধাৰণ সম্পাদক নয়নজ্যোতি কলিতাই।স্মাৰকপত্ৰ প্ৰদানৰ পূৰ্বে বৰভাগ ৰাজহ চক্ৰৰ নৱ-নিযুক্ত ৰাজহ চক্ৰ বিষয়া ঋতুপৰ্ণা ভদ্ৰাক সন্থাই আদৰণি জনায়।

Your Comments