নলবাৰীত ক'ৰ’না যোদ্ধাক সম্বৰ্ধনা স্বাস্থ্য বিভাগৰ

Pic

ঘগ্ৰাপাৰৰ পৰা দ্বিজেন ডেকা:

নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক ক'ভিড চিকিৎসালয়ৰ চিকিৎসকসকলে মানৱীয়তাৰে আৰু কৰ্তব্যনিষ্ঠাৰে ক'ভিড -১৯ত আক্ৰান্ত ৰোগীসকলক সেৱা- শুশ্ৰূষা আগবঢ়াই আছে।মঙলবাৰে অসামৰিক ক'ভিড হাস্পতালৰ চিকিৎসকৰ দল এটিয়ে ৭ দিন ধৰি ক'ভিড-১৯ত আক্ৰান্ত ৰোগী শুশ্ৰূষা আগবঢ়াই ৭ দিনৰ বাবে কোৱৰেন্টিনত থাকিব আৰু কোৱৰেন্টিনৰ সময় অতিক্ৰম হোৱাৰ পিছত আকৌ ক'ভিড ডিউটিত যোগদান কৰিব।চিকিৎসকসকলৰ দলটিত আছে ডা: উৰ্মি দেৱী চৌধুৰী,ডা: প্ৰিয়াশ্ৰী চৌধুৰী আৰু ডা: দীক্ষিতা মেধি।ক'ভিড চিকিৎসাত নিয়োজিত নাৰ্চসকল হ'ল প্ৰতিমা ৰাজবংশী, শিৱানী দাস,পিংকি কুৰ্মী,হিলিমন বড়া আৰু তৰিৎ বৰপাত্ৰগোহাই।সহায়কাৰীসকল হ'ল ডিম্বশ্বৰ দাস,অসীম দাস,অঞ্জলি ব্ৰহ্ম,নীলিমা দেৱী আৰু দ্বিজেন দত্ত আৰু চাফাইকৰ্মীসকল হ'ল মনোজ বাচফৰ,পৰীক্ষিত তালুকদাৰ আৰু ৰেণু বাচফৰ।এই চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলক নলবাৰী জিলা স্বাস্থ্য বিভাগে অসামৰিক চিকিৎসালয় চৌহদত অনুষ্ঠিত এটা সম্বৰ্ধনা অনুষ্ঠানত সম্বৰ্ধনা জনায়।স্বাস্থ্য সজাগতা আৰু সামাজিক দূৰত্ব বজাই ৰাখি অনুষ্ঠিত হোৱা সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক অশোক শৰ্মাই কয় যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বানত আৰু অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ পৰিচালনাত অসমে কৰ’না যুদ্ধত বহু সফল হৈছে।চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলে কৰ’নাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈ কৰ’নাক প্ৰতিহত কৰিব লাগিব।অনুষ্ঠানত নলবাৰী জিলাৰ উপায়ুক্ত পূৰৱী কোঁঁৱৰে চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলক এই সেৱাক ধন্যবাদ জ্ঞাপন কৰে।আগন্তুক দিনত এনেদৰে চিকিৎসা সেৱা আগবঢ়াবলৈ উপায়ুক্তগৰাকীয়ে চিকিৎসকসকলক আহ্বান জনায়।এই সম্বৰ্ধনা অনুষ্ঠানত আদৰণি ভাষণ দিয়ে অসামৰিক চিকিৎসালয়খনৰ অধীক্ষক ডা: ৰমেশ চন্দ্ৰ ভট্টাচাৰ্য্যই।

Your Comments