নলবাৰীৰ ৬টা ৰাজহ চক্ৰৰ ৪২খন গাঁও বানাক্ৰান্ত:ঘগ্ৰাপাৰৰ মাজুশিৰালত নৈত উটি গ'ল এজন

Flood

ঘগ্ৰাপাৰৰ পৰা দ্বিজেন ডেকাৰ প্ৰতিবেদনঃ

কেইবাদিনো একেৰাহে হৈ থকা বৰষুণৰ ফলত নলবাৰী জিলাৰ বুঢ়াদিয়া,পাগলাদিয়া আদি নদীৰ জলপৃষ্ঠ ক্ৰমাৎ বৃদ্ধি হয় আৰু জিলাখনৰ ৪২খন গাঁও বানাক্ৰান্ত হয় । বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ এন চি পূব কাজিয়া, বৰবালা,টুপকাৰ চৰ , খাগ্ৰাকাটি ,পূৱ কাজিয়া,বালাৰ চৰ, লাওতলীপাৰাকে ধৰি ৭খন গাঁও, পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ পখুৰা,লখোপুৰ, কাঠলা,আমনি, ঘিলাজুৰি,চামতা,খেলুৱা,কেন্দুবাৰী,বৰহেলচা,শুকেকুছিকে ধৰি ১০খন গাঁও,ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ধমধমা,চতাইবাৰী,ভেলামাৰী,১নং বালিতাৰা, ২নং বালিতাৰা, ৩নং বালিতাৰা,৪নং বালিতাৰা, বনগাঁও, বুৰবুৰিকে ধৰি ৯খন গাঁও, টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত বালি,পিপলিবাৰী,হাৰিভাঙা,গোৱৰাদল,দহকাউনিয়া,ৰতনপুৰ,ভোজকুছি,ষাঠিকুছি আদিকৰি ৮খন গাঁও, নলবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত সৰয়হতলী,নমাতি,ক্ষুদ্ৰকাটলা বৰকুছি, বৰআগ্ৰা আদিকৰি ৪খন গাঁও আৰু বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত বৰশিমলীয়া,বৰবুকিয়া,ডোকোহা আৰু কটলাকুছিকে ধৰি ৪খন গাঁও বানৰ কবলত পৰিছে । আনহাতে বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ ২১১হেক্টৰ , পশ্চিম নলবাৰীৰ ৬ হেক্টৰ, ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ ২৪০ হেক্টৰ, টিহুৰ ২৫৭ হেক্টৰ আৰু  বৰভাগ ৰাজহ চক্ৰৰ ৫৮.৫ হেক্টৰকে ধৰি মুঠ ৭৭২.৫ হেক্টৰ খেতি পথাৰ বানৰ কবলত পৰিছে । জিলাখনৰ মুঠ ২১৮৩৮গৰাকী লোক বানাক্ৰান্ত হৈছে । অৱশ্যে এতিয়ালৈকে কোনো আশ্ৰয় শিবিৰ স্থাপন কৰিব লগা হোৱা নাই।জিলাখনৰ ডাঙৰ পশু ৩৩২৫৬ টা,সৰু পশু ২৪৩৭১ টা আৰু হাঁহ-কুকুৰা ৮৭৩২ টা বানৰ কবলত পৰিছে । আজি ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত মাজুশিৰালত দেওবাৰে পুৱা পাগলাদিয়া নদীৰ সোঁতত চৈয়দ আলী নামৰ প্ৰায় ৫৩ বছৰীয়া এগৰাকী লোক উটি যায় আৰু এচডিআৰএফে লোকজনৰ সন্ধান অব্যাহত ৰাখিছে যদিও বাতৰি লিখাকৈ সন্ধান ওলোৱা নাই।

Your Comments