কামৰূপ জিলাৰ বৃহত্তৰ শুৱালকুছি অঞ্চলত বানত সৰ্বস্বান্ত কৃষক:শালি ধানৰ কঠিয়া নষ্ট 

মৃণাল ডেকা,শুৱালকুছি:

ৰাজ্যত বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানীত কামৰূপ জিলাৰ হাজো ৰাজহ চক্ৰৰ বৃহত্তৰ শুৱালকুছি অঞ্চলৰ কেইবাখনো ৰাজহ গাঁঁৱৰ খেতিপথাৰ  জলমগ্ন হৈ পৰাত কৃষকসকল চিন্তিত হৈ পৰিছে।বৃহত্তৰ কৃষি প্ৰধান অঞ্চলটোৰ কৃষকসকলে নিজৰ বছৰ ধৰি প্ৰয়োজনীয় খাদ্যৰ বাবে শালি ধানৰ কঠিয়া সিঁচিছিল ৷ কিন্তু বিগত কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত হোৱা বানপানীয়ে কৃষকৰ প্ৰায় আশী শতাংশ কঠিয়া নষ্ট কৰি পেলায়।বিশেষকৈ শিঙিমাৰী,বংশৰ, ধিঙড়ৰবৰী,পছৰীয়া,চেঁচা,কুলহাটী,পাকৰকোনা,কিছমৎ বংশৰ,ৰৌমাৰী,গন্ধমৌ,কদমতলী,বাথান , সানপাৰা গ্ৰান্ট,টোক্ৰাদিয়াআদি ৰাজহ গাঁঁৱৰ কঠিয়া বানপানীত সম্পূৰ্ণৰূপে নষ্ট হয় ৷ আনহাতে,খেতিপথাৰ সমূহত পানী উপচি পৰাত জিকা,ভাতকেৰেলা,ভেণ্ডি,ভোল,লেচেৰা,তিয়ঁহ,কোমোৰা আদি প্ৰায়সমূহ পাচলি খেতি নষ্ট হৈ পৰাত কৃষকসকল যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে।আনহাতে,লকডাউনৰ বাবে আৰম্ভণিতে  কৃষকৰ উৎপাদিত পাচলি বিক্ৰী কৰিবলৈ  নোৱাৰাত শ শ বিঘাৰ শস্য নষ্ট হৈছিল।

Your Comments