আমাৰ লগত লাগি নল’ব,আঁতৰি থাকক’-KRKক অন্তিম সকীয়নি...

KRK

নিউজ ডেস্ক-
অভিনেতা-ছবি সমালোচক কমল ৰছিদ খান ওৰফে কে আৰ কে আৰু ছবি পৰিচালক হানচাল মেহতাৰ মাজত আকৰ্ষণীয় হৈছে যুঁজ। কে আৰ কে  ওৰফে কমল ৰছিদ খানে   টুইটযোগে কৈছিল যে, তেওঁ ছবি পৰিচালক হানচল মেহতা আৰু অভিনেতা মনোজ বাজপেয়ীৰ ওপৰত দিব ৰিভিউ। কে আৰ কেৰ সেই টুইটকলৈ জাঙুৰ খাই উঠিল ছবি পৰিচালক হানচাল মেহতা। আৰু কে আৰ কেক দিলে অন্তিমবাৰলৈ সকীয়নি।
দৰাচলতে এই বিবাদৰ আৰম্ভণী ছবি পৰিচালক মিলাপ জাভেৰীৰ এটা টুইটক লৈ হৈছিল। য’ত মিলাপে কে আৰ কেক টেগ কৰিছিল এটা বিশেষ ভিডিঅ’। মিলাপে লগতে কৈছিল যে, সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পূৰ্বে কে আৰ কেই প্ৰথমে সুশান্তক ফ্লপ অভিনেতা বুলি অভিহিত কৰিছিল। কিন্তু মৃত্যুৰ পিছত ঘৰিয়ালৰ চকুপানী টুকিছিল।

KRK

মিলাপ জাভেৰীৰ এই টুইটত হানচল মেহতাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ‘কে আৰ কেক শাস্তি দিব লাগে। কে আৰ কেক ফিল্ম ইণ্ডাষ্ট্ৰীৰ একাংশই ব্যৱহাৰ কৰে। ইয়াৰ উত্তৰত কে আৰ কেই কয় যে, ‘হানচল আৰু মনোজৰ ওপৰত মই ৰিভিউ দিম। তেওঁলোকৰ বাবে এয়াই প্ৰাপ্য। কিন্তু তেওঁলোকে যেন এই ৰিভিউ’ শুনোতে কাণত হেডফোন লগাই লয়!’
এতিয়া হানচল মেহতাই এই টুইটক সম্পৰ্থন জনাইছে জনপ্ৰিয় অভিনেতা মনোজবাজপেয়ীয়ে। টুইটাৰত লিখে যে, ‘এতিয়া এনে এখন যুদ্ধ আৰম্ভ হ’ব, লক্ষ্যত উপনীত নোহোৱা পৰ্যন্ত এই যুঁজ অব্যাহত থাকিব।’

KRK

Your Comments