"শান্তি আৰু অহিংসাৰ পথ গ্ৰহণ কৰিবলৈ বৌদ্ধ ধৰ্মই শিকায়"-ধৰ্ম চক্ৰ দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী মোডী

Buddha

বৌদ্ধসকলৰ ধৰ্ম চক্ৰ দিৱস উপলক্ষে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এটা ভিডিঅ'ৰ জড়িয়তে দেশবাসীক সম্বোধন কৰে।এই সম্বোধনত প্ৰধানমন্ত্ৰীয়ে কয় যে বৌদ্ধ ধৰ্মই মানুহক আদৰ কৰিবলৈ শিকায়।বৌদ্ধ ধৰ্মই দৰিদ্ৰ আৰু নাৰীসকলক আদৰ আৰু সন্মান দিবলৈ কয়।শান্তি আৰু অহিংসাৰ পথ গ্ৰহণ কৰিবলৈ বৌদ্ধ ধৰ্মই শিক্ষা দিয়ে।সেইবাবে গৌতম বুদ্ধৰ শিক্ষা আৰু বাণী আজিও প্ৰাসংগিক।

Your Comments