গোলাঘাটৰ পৰা মীনাক্ষি ফুকন:
বৃহস্পতিবাৰে পুৱা ৯ বজাত ৱেবছাইট যোগে ঘোষণা কৰা উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত গোলাঘাট জিলাৰ চাৰিগৰাকী কৃতী ছাত্ৰ-ছাত্ৰীয়ে অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰেৰে চাৰিটাকৈ স্থান লাভ কৰি গোলাঘাট চহৰখনলৈ গৌৰৱ কঢ়িয়াই আনিলে।কলা আৰু বাণিজ্য শাখাত এই চাৰিগৰাকী কৃতীমানে লাভ কৰিছে স্থান।কলা শাখাত তিনিগৰাকী আৰু বাণিজ্য শাখাত এগৰাকীয়ে স্থান লাভ কৰিছে।
গোলাঘাট জাতীয় মহাবিদ্যালয়ৰ অন্বেষা কাশ্যপে কলা শাখাত দ্বিতীয় স্থান লাভ কৰে।একেদৰে জাতীয় মহাবিদ্যালয়ৰে কলা শাখাত অমিতেশ নাথে সপ্তম স্থান লাভ কৰিবলৈ সক্ষম হয়।
ফৰকাটিং জুনিয়ৰ কলেজৰ প্ৰাপ্তি বৰুৱাই কলা শাখাত অষ্টম স্থান লাভ কৰে।একেদৰে গোলাঘাট ৰিলায়েন্স জুনিয়ৰ কলেজৰ ছাত্ৰ জ্ঞানদ্বীপ দুৱৰাই বাণিজ্য শাখাত চতুৰ্থ স্থান দখল কৰি জিলাখনলৈ খ্যাতি কঢ়িয়াই আনিছে।
- Log in to post comments
- 10 views