"বিশাল জনসংখ্যা হোৱা স্বত্বেও ভাৰতত ক'ৰ'না বিনাশকাৰী হোৱা নাই,আৰোগ্যৰ হাৰ ৫০ শতাংশৰ ওপৰত"-প্ৰধানমন্ত্ৰী মোডী

Modi

মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মুখ্যতঃ ক'ৰ'না ভাইৰাছ সংক্ৰমণ সন্দৰ্ভত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে আলোচনা কৰে।এই আলোচনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কয় যে বিশাল জনসংখ্যা হোৱা স্বত্বেও দেশত ক'ৰ'না বিনাশকাৰী হোৱা নাই।দেশত ক'ৰ'নাৰ অৰোগ্যৰ হাৰ ৫০ শতাংশৰ ওপৰত উপনীত হৈছে।ক'ৰ'না সংক্ৰমণ ৰোধৰ বাবে ভাৰতে কৰা প্ৰয়াসৰ বিশ্বই শলাগ লৈছে বুলিও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মন্তব্য কৰে।প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰত বিশ্বৰ এনে দেশসমূহৰ অন্যতম যি দেশসমূহত ক'ৰ'না আক্ৰান্তসকলৰ জীৱন ৰক্ষা পৰিবলৈ ধৰিছে।

Your Comments