পূব লাডাখৰ গেলৱান উপত্যকাত চীনৰ সেনাই ১৫ জুনৰ নিশা ভাৰতীয় সেনাৰ ওপৰত আক্ৰমণ চলায়।ভাৰতীয় সেনাই এই আক্ৰমণৰ প্ৰত্যুত্তৰ দিওঁতে পাঁচজন চীনা সৈন্য নিহত হয়।আনহাতে,চীনা সৈন্যৰ আক্ৰমণত এজন ভাৰতীয় সেনা বিষয়া আৰু দুজন জোৱান শ্বহীদ হয়।গেলৱান উপত্যকাত দিএক্সেলেচন প্ৰক্ৰিয়া চলি থাকোতে চীনা সৈন্যই লাঠী,লোহাৰ ৰ'ড আদিৰে আক্ৰমণ চলায়।কিছুদিনৰ ধৰি ভাৰত-চীন সীমান্তত উত্তেজনা অব্যাহত আছিল।উল্লেখ্য যে ৫০ বছৰত প্ৰথম বাৰৰ বাবে ভাৰত-চীন সীমান্তত ৰক্তপাত হয়।সমগ্ৰ ঘটনাক্ৰম সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অৱগত কৰিছে।
- Log in to post comments
- 40 views