আজি কামপুৰৰ গাৰুখুন্দা পঞ্চায়তৰ পশ্চিম কাৱৈমাৰী আৰু চামগাওঁবাসীৰ বাবে এটা ভাল খবৰ । সেই গাঁও দুখনৰ একমাত্ৰ যোগাযোগৰ সম্বল বাঁহৰ দলংখন পকীকৰণ কৰাৰ বাবে ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসে আধাৰশিলা স্থাপন কৰে ।
নগাঁও জিলাৰ গ্ৰাম্য পথ সংমণ্ডলৰ অধীনত নিৰ্মাণ হ'বলগা দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হ'লে ৰাইজৰ এটা দীৰ্ঘদিনীয়া সমস্যা সমাধান হ'ব । এই ছেগতে ৰহা সমষ্টিৰ বিধায়কগৰাকীক ধন্যবাদ জ্ঞাপন কৰিলোঁ ।
কিন্ত দলংখন নিৰ্মাণৰ অন্তৰালত জড়িত থকা বহু লোককে পাহৰিলে সেই অঞ্চলৰ বহু লোকে । কাৰণ আজি দলংখনৰ আধাৰশিলা অনুষ্ঠানলৈ আমন্ত্ৰিত নহ'ল দলংখনৰ বিষয়ে মাত দিয়া সংবাদকৰ্মীৰ পৰা আৰম্ভ কৰি বহু লোক ।
প্ৰথমতে এই দুৰৱস্থাটো ফেচবুকৰ জৰিয়তে প্ৰচাৰ কৰে সেই অঞ্চলৰ ছাত্ৰী ৰুণজুন বৰাই । সেই ফটোখন পোৱাৰ পিছত আমি প্ৰতিটো সংবাদ মাধ্যমৰ সাংবাদিকে দলংখন নিৰ্মাণ নোহোৱাৰ বাবে ৰাইজে হাৰাশাস্তিৰ সন্মুখীন হোৱাৰ বিষয়ত বাতৰি পৰিৱেশন কৰিছিলোঁ ।
অৱশ্যে কেঁচু খান্দোঁতে সাপো ওলাইছিল । পূৰ্বৰ বিধায়কজনে ইয়াত অনুসূচিত জাতি পৰিষদৰ উন্নয়ন আঁচনিৰ অধীনত অনুমোদন কৰাই আধাৰশিলা কৰিছিল । কিন্ত ৰহস্যজনক কাৰণত দলঙৰ নামত ইয়াত এটা শিলগুটিও নপৰিল ।
সেই অঞ্চলৰ এগৰাকী বিতৰ্কিত, বৰ্তমান বিজেপি দলৰ নেত্ৰীয়ে এই কামৰ আগভাগ লৈছিল । তথাপিও সংবাদ মাধ্যমত ধাৰাবাহিক বাতৰি পৰিবেশন কৰাৰ পিছত চৰকাৰৰ চকু মেল খায় আৰু আজি আধাৰশিলা কৰে ৰহাৰ বিধায়কে ।
আমাৰ আহ্বান- এই আধাৰশিলা কেৱল আধাৰশিলা হৈ নাথাকি পূৰ্ণশিলা হওক । ইফালে গাঁওখনৰ প্ৰায় আধাকিলোমিটাৰ পথ নিৰ্মাণত কঠীয়াতলি উন্নয়ন খণ্ডই দুটা আঁচনিত ২০ লাখ টকা অনুমোদন কৰিছিল যদিও আজি ৪-৫ বছৰে সেই কাম সমাপ্ত কৰিব নোৱাৰিলে ।
উল্লেখ্য যে একেটা বৰ্ষত একেটা পথতে দুটা আঁচনি ধৰি কঠীয়াতলি উন্নয়ন খণ্ডই ইতিহাস ৰচিছিল । ৰাইজ আৰু আমাৰ নেৰানেপেৰা প্ৰচেষ্টাত পুনৰ পথটোৰ কাম আৰম্ভ কৰিছে । ইয়াতো খোৱা-কামোৰা ।
পূৰ্বৰ দালালকেইটাই আকৌ লুণ্ঠনৰ পথ লোৱাৰ বাবে প্ৰচেষ্টা হাতত লৈছে । এই দালালসকলৰ মুখা খুলি দিয়াৰ বাবেই আজি আধাৰশিলা অনুষ্ঠানলৈ আমন্ত্ৰিত নহ'ল সাংবাদিক । ৰাইজ, আপোনালোকৰ উন্নয়নত এই দালালবোৰক প্ৰশ্চয় নিদিব ।
- Log in to post comments
- 17 views