'দেশত ক'ৰ'নাৰ গণ সংক্ৰমণ হোৱা নাই':আইচিএমআৰ

Corona

ভাৰতত হোৱা নাই ক'ৰ'নাৰ গণ সংক্ৰমণ।এই কথা প্ৰকাশ কৰিলে 'আইচিএমআৰ'-এ।লকডাউনৰ বাবে দেশত কোভিড-১৯ সংক্ৰমণ নিয়ন্ত্ৰণত থাকিল বুলিও আইচিএমআৰে প্ৰকাশ কৰিছে।আনহাতে,স্বাস্থ্য মন্ত্ৰণালয়ে অৱগত কৰিছে যে দেশত ক'ৰ'নাৰ আৰোগ্যৰ হাৰ বৰ্তমান ৪৯.২ শতাংশ হৈছেগৈ।এই হাৰ অধিক বাঢ়িব বুলি মন্ত্ৰণালয়ে আশা কৰিছে।উল্লেখ্য যে এটা সুখবৰ হিচাপে দেশত বৰ্তমান কোভিড আক্ৰান্ততকৈ আৰোগ্য হোৱা লোকৰ সংখ্যা বৃদ্ধি পাইছে।

Your Comments