নগাঁৱত পাষাণ ভাতৃৰ লাঠিৰ কোবত মৃত্যু ভগ্নীৰ

নগাঁৱত পাষাণ ভাতৃৰ লাঠিৰ কোবত মৃত্যু ভগ্নীৰ


নগাঁৱৰ শৃঙ্গৰাপত্তিত সংঘটিত হৈছে এক লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা ৷ ভাতৃৰ আক্ৰমণত প্ৰাণ গ'ল ভগ্নীৰ ৷ প্ৰেমৰ বাবেই সংঘটিত হয় এই হত্যাকাণ্ড ৷ ভাতৃ আৰু মাতৃৰ বিৰুদ্ধে উত্থাপিত হৈছে হত্যাৰ অভিযোগ ৷ অভিযুক্ত ভাতৃ চৰফট আলী বৰ্তমান পলাতক ৷ 

ঘটনাৰ বিৱৰণী মতে, ঘৰৰ অনুমতি অবিহনে বিয়াত বহিছিল যুৱতীগৰাকীয়ে । নগাঁৱৰ কঠীয়াতলি আৰক্ষী চকীৰ অৰ্ন্তগত শৃঙ্গাৰপট্টিত ঘটিছে এই দুখজনক ঘটনা । নিহত যুৱতীগৰাকীৰ নাম তাজমিনা বেগম ।

নগাঁৱত১পাষাণ১ভাতৃৰ১লাঠিৰ১কোবত১মৃত্যু১ভগ্নীৰ

জানিব পৰা মতে, শৃঙ্গাৰপট্টিৰ তাজমিনা বেগম নামৰ যুৱতীগৰাকীয়ে ডবকাৰ জাব্ৰাখোৱাৰ সুজিৎ খান নামৰ এজন যুৱকলৈ ঈদৰ দিনা ঘৰৰ অনুমতি অবিহনে পলাই গৈছিল । দেওবাৰে যুৱকজনে আহি যুৱতিগৰাকীক ঘৰত চমজাই দিছিল ।

এই লৈ ঘৰখনত অশান্তিৰ সৃষ্টি হোৱাৰ পিছত সোমবাৰে পুৱাই ভাতৃ চৰফত আলী আৰু মাতৃ চাহাৰা খাতুনে মিলি লাঠিৰে কোবাই হত্যা কৰে তাজমিনাক ।
 যুৱতীগৰাকীৰ শৰীৰত আঘাতৰ চিন স্পষ্ট ৷ 

Your Comments