নলবাৰীৰ পৰা হেমন্ত কলিতা:
লকডাউনৰ প্ৰথম দিনা বুধবাৰে নলবাৰীৰ চহৰৰ ৰাজপথ সম্পূৰ্ণ জনশূন্য হৈ পৰে।জৰুৰীকালীন সেৱা সমূহৰ বাদে কোনো দোকান পোহাৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্য্যালয় আদি সম্পূৰ্ণ বন্ধ থাকে। নলবাৰী চহৰত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে তহল দিয়া দেখা যায়।আনহাতে,লকডাউনৰ সময়ত নলবাৰী জিলা প্ৰশাসনে গ্ৰহণ কৰিছে বহুটো গুৰুত্বপূৰ্ণ পদক্ষেপ। জনশূন্য ৰাজপথৰ লগতে বজাৰত ছেনিটাইজিং কৰি বীজাণুমুক্ত কৰাৰ প্ৰচেষ্টা হাতত লোৱা দেখা গৈছে। নলবাৰীৰ জিলা প্ৰশাসনে গঠন কৰি দিয়া টাষ্ক ফ’ৰ্চে অগ্নি নিৰ্বাপক বাহিনীৰ সহযোগত চহৰখনৰ অপৰিষ্কাৰ ঠাইসমূহত চেনিটাইজাৰ চতিওৱা দেখা গৈছে। এই পদক্ষেপ অনাগত দিনত আন আন ঠাইসমূহতো কৰা হ’ব বুলি জানিবলৈ দিয়ে নলবাৰী জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে।ইফালে জিলা উপায়ুক্তগৰাকীয়ে অসামৰিক চিকিৎসালয়লৈ গৈ ক’ৰ’না ভাইৰাচৰ সৈতে মোকাবিলা কৰিবলৈ লগতে সকলো চিকিৎসা- কৰ্মীক সষ্টম হৈ থাকিবলৈ আহ্বান জনায়।
- Log in to post comments
- 15 views