বৰভাগৰ ৰাইমাধা চ'কত লকডাউন ভংগকাৰীৰ ওপৰত আৰক্ষীৰ লাঠীচালনা

Pic

নৰেন শৰ্মা,বাহাৰঘাট: বিশ্বজুৰি আতংকৰ সৃষ্টি কৰা মহামাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশব্যাপি ২১ দিনৰ বাবে লকডাউন ঘোষণা কৰাৰ পূৰ্বে ২৪ মাৰ্চৰ সন্ধিয়া ৬ বজাৰ পৰা ৩১ মাৰ্চৰ নিশা ১২ বজালৈ অসম চৰকাৰে সমগ্ৰ অসমত লকডাউন ঘোষণা কৰে। কিন্তু,একাংশ লোকে মঙলবাৰৰ সন্ধিয়া ৬ বজাৰ পিছতো ইয়াক কোনো গুৰুত্ব নিদিয়া পৰিলক্ষিত হৈছে।সন্ধিয়া ৬ বজাৰ লগে লগে আৰক্ষীয়ে ৰাষ্টাত চাইৰেণ বজাই সতৰ্ক কৰি দিয়ে যদিও ইয়াৰ মাজতে একাংশ‌ই জুম বান্ধি থকাত আৰক্ষীয়ে বৰভাগৰ ৰাইমাধা চ'কত লাঠি চাৰ্জ কৰি ছত্ৰভংগ কৰিব লগা হয়।সচেতন মহলে চৰকাৰৰ এনে পদক্ষেপক গুৰুত্ব নিদিয়া ব্যক্তিসকলক গৰিহণা দিয়াৰ লগতে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।

Your Comments