বঙাইগাঁও চহৰত সম্পূৰ্ণ লকডাউন

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

মহামাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে অসম চৰকাৰে বুধবাৰে সন্ধিয়া ছয় বজাৰ পৰা অহা ৩১ মাৰ্চৰ নিশা ১২ বজালৈ সমগ্ৰ অসমতে ঘোষণা কৰা লকডাউন বঙাইগাঁও চহৰতো কাৰ্যকৰী কৰা হয়।সন্ধিয়া ছয় বজাৰ লগে লগে গেলামাল আৰু ফাৰ্মাচী আদিক বাদ দি বন্ধ হৈ পৰে চহৰখনৰ আন সকলো দোকান-পোহাৰসমূহ,বজাৰ-সমাৰ৷ একেদৰে বন্ধ হৈ পৰে যান-বাহনৰ চলাচলো।চৰকাৰৰ নিৰ্দেশনা সম্পৰ্কত বঙাইগাঁও পৌৰসভাৰ তৰফৰ পৰা মাইকযোগে জনসাধাৰণৰ মাজত প্ৰচাৰো কৰা হয়।সেইদৰে বঙাইগাঁও জিলা আৰক্ষী প্ৰশাসনৰ তৰফৰ পৰা অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষীৰ বাহনেৰে চাইৰেন বজাই চহৰখনৰ জনসাধাৰণক লকডাউনৰ বিষয়ে জাননী দিয়ে। ফলত জনশূন্য হৈ পৰে বাট-পথ। আৰক্ষী প্ৰশাসনে সমগ্ৰ জিলাখনতে চাইৰেন বজাই বজাই লকডাউনৰ বিষয়ে জনসাধাৰণৰ মাজত প্ৰচাৰ চলায়৷

Your Comments