ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ:বঙাইগাঁৱত সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ

Pic
বঙাইগাঁৱৰ প্ৰতিবেদক: বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টি কৰা ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ সন্দৰ্ভত ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ অৰ্থে ২১ মাৰ্চত বঙাইগাঁৱত ৰাজপথত নামি পৰে সাংবাদিকসকলো।এই উদ্দেশ্যে বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাব আৰু বঙাইগাঁও জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত তথা জিলা প্ৰশাসনৰ সহযোগিতাত বঙাইগাঁৱত এক সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰা হয় । এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ভাৰপ্ৰাপ্ত জিলা তথ্য আৰু জনসংযোগ বিষয়া কবিতা ডেকাই ৷ কাৰ্যসূচীত বঙাইগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ ৰত্ন বসুমতাৰীও উপস্থিত থাকে ৷ জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা সজাগতামূলক কাৰ্যসূচীৰ অংশ হিচাপে মূল ৰাজপথেৰে চলাচল কৰা অটো, টেম্প, মটৰ চাইকেল আদি যান-বাহনসমূহ ৰখাই যাত্ৰী, চালক আৰু মটৰ চাইকেল আৰোহীসকলৰ লগতে পথচাৰীসকলক মাজত চাবন আৰু হেণ্ড চেনিটাইজাৰেৰে হাত ধোৱাৰ ব্যৱস্থা কৰাৰ লগতে কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ পৰা নিজক ৰক্ষা কৰিবলৈ কি কি সাৱধানতা অৱলম্বন কৰিব লাগে সেই বিষয়ে সকলকে অৱগত কৰি একোখনকৈ গোহাৰি পত্ৰ বিতৰণ কৰা হয় ৷ লগতে কাইলৈ ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনোৱা 'জনতাৰ কাৰ্ফিউ' পালন কৰিবলৈও সকলোকে আহ্বান জনোৱা হয়৷ এই সজাগতামূলক কাৰ্যসূচীত বৃহত্তৰ বঙাইগাঁও প্ৰেছ ক্লাবৰ বিষয়ববীয়া আৰু সদস্যসকলৰ লগতে জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ কৰ্মচাৰী তথা যান- বাহন শাখাৰ আৰক্ষী উপস্থিত থাকে ৷ উল্লেখ্য যে পৰিস্কাৰ আৰু সজাগতাই যিহেতু কোৰোনা ভাইৰাছ সংক্ৰমণৰ প্ৰথম প্ৰতিষেধ , সেয়ে এই সজাগতামূলক কাৰ্যসূচীৰ জৰিয়তে সাংবাদিকসকলে ৰাইজক নিজে পৰিস্কাৰ হৈ থকাৰ লগতে আনকো পৰিস্কাৰ হৈ থকাৰ বাবে সজাগ কৰিবলৈ আহ্বান জনায় ৷

Your Comments