বঢ়মপুৰত অবৈধ কাঠফলা মিল জব্দ

Pic

নগাঁৱৰ পৰা ৱাহিদুদ জামান:

নগাঁও জিলাৰ বনসংৰক্ষক বিষয়া ৰাজেন চৌধুৰীৰ কঠোৰ নিৰ্দেশত সহকাৰী বনসংৰক্ষক বিষয়া দেবেন চন্দ্ৰ কলিতা আৰু প্ৰটেকচন ৰেঞ্জাৰ ছামিন আখটাৰৰ যৌথ অভিযানত শনিবাৰে পুৱা বঢ়মপুৰ তিনিআলিত এটি অবৈধ কাঠফলা মিল জব্দ কৰিবলৈ সক্ষম হয়।জানিব পৰা মতে,সুৰেশ হাজৰিকা নামৰ লোকজনে এখন  চেগুন বাগানৰ ভিতৰত দীৰ্ঘদিনৰ পৰা অবৈধ কাঠফলা মিল চলাই আহিছিল।এই খবৰ গোপন সূত্ৰে লাভ কৰি বন বিভাগৰ এটি বৃহৎ দলে অভিযান চলায়।বন বিভাগৰ দলটোৱে অভিযানৰ সময়ত এটা কাঠফলা মিল আৰু প্ৰায় ৮০ কে.বি অবেধ চেগুন কাঠ জব্দ কৰে।বন বিভাগৰ সূত্ৰে জানিব পৰা মতে জব্দ হোৱা কাঠখিনিৰ বজাৰ মূল্য প্ৰায় ৬০ হাজাৰ টকা।উল্লেখ্য যে  জিলাখনৰ বিভিন্ন স্থানত বৰ্তমানেও বহু অবৈধ কাঠফলা মিল চলি আছে।


 

Your Comments