মৃণাল ডেকা,শুৱালকুছি:
ক'ৰ’না ভাইৰাছৰ দ্ৰুত সংক্ৰমণক লৈ কম্পমান সমগ্ৰ বিশ্ব।বিশ্ব স্বাস্থ্য সংস্থাই এই ভাইৰাছবিধক মহামাৰী ৰোগ হিচাপে ঘোষণা কৰিছে।সমগ্ৰ বিশ্বত ক'ৰ’না ভাইৰাছৰ সংহাৰ অব্যাহত থকাৰ সময়তে কামৰূপ জিলাৰ শিঙিমাৰী আদৰ্শ চিকিৎসালয়ত অস্থায়ীভাৱে স্থাপন কৰা ক'ৰ’না ভাইৰাছ চিকিৎসা নিৰীক্ষণ কেন্দ্ৰত দুজন লোকক ভৰ্তি কৰাক কেন্দ্ৰ কৰি বৃহত্তৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে।কামৰূপ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডা°এন এচ থিচাই জানিবলৈ দিয়া অনুসৰি পেছাত ট্ৰাক চালক দুজন ক্ৰমে ৰাজেশ যাদৱ আৰু যশপাল যাদৱ নামৰ উত্তৰ প্ৰদেশৰ ব্যক্তি দুগৰাকীয়ে উত্তৰ প্ৰদেশৰ পৰা হাজোলৈ ট্ৰাক চলাই আহিছিল।চৰ্দী,কাহ,জ্বৰত আক্ৰান্ত লোক দুজনে হাজো স্বাস্থ্য কেন্দ্ৰত চিকিৎসা কৰোৱাত চিকিৎসকে ক'ৰ’নাৰ পৰীক্ষাৰ বাবে শিঙিমাৰী স্বাস্থ্য কেন্দ্ৰলৈ পঠিয়াই দিয়ে।শিঙিমাৰী আদৰ্শ চিকিৎসালয়ত চিকিৎসকৰ দলৰ তীব্ৰ নিৰীক্ষণত ৰাখিছে ব্যক্তি দুগৰাকীক।আনহাতে,কামৰূপ জিলাৰ উপায়ুক্তই শিঙিমাৰী আদৰ্শ চিকিৎসালয়ত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়।উপায়ুক্ত কমল কুমাৰ বৈশ্যই পৰিস্থিতিৰ বুজ লৈ চিন্তাৰ কোনো কৰাণ নাই বুলি কৈ সজাগতাৰ বাবে চক্ৰ বিষয়াসকলে ৰাইজৰ মাজত সজাগতা চলাই আছে আৰু ৰাইজে নিজেই চাফ- চিকুণতাৰে ক'ৰ’না ভাইৰাছৰ পৰা ৰক্ষা পাব পাৰে বুলি উল্লেখ কৰে।শিঙিমাৰী আদৰ্শত ৰখা ব্যক্তি দুজনক চিকিৎসকৰ দলে অহৰহ নিৰীক্ষণত ৰাখিব বুলি জানিবলৈ দি কামৰূপ জিলাত পাঁঁচটা ক'ৰ’না নিৰীক্ষণ কেন্দ্ৰ আছে।শিঙিমাৰী,কলিতাকুছি,বামুণীগাঁও,ৰঙিয়া , মইনাখোৰং আদিত নিৰীক্ষণ কেন্দ্ৰ আছে বুলি তেওঁ কয়।ইতিমধ্যে,কামৰূপ জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক বিষয়া ডা°এন এচ থিচাৰ নেতৃত্বত স্বাস্থ্য বিভাগৰ দলে পৰিস্থিতিৰ বুজ লৈ আছে৷
- Log in to post comments
- 204 views