মূঢ়াতল কাঠবাৰীত আৰক্ষীৰ বেশত আহি চুপাৰি ভৰ্ত্তি ট্ৰাক অপহৰণ

Pic

জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন:

শোণিতপুৰ জিলাৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত মূঢ়াদল কাঠবাৰীত ১৫ নং ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা বৃহস্পতিবাৰৰ নিশা ১২ মান বজাত এখন চুপাৰি ভৰ্ত্তি ট্ৰাক অপহৰণ কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।জানিব পৰা মতে নিশা আৰক্ষীৰ বেশত অহা ছয়জন লোকে মূঢ়াদল কাঠবাৰীৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাঁই পথত এ এচ-০৭এচি-৫৮২৬ নম্বৰৰ এখন চুপাৰী ভৰ্ত্তি ট্ৰাক তেওঁলোকে লৈ অহা এখন ইন'ভা গাড়ীৰে আগছি ধৰে।পিচত ছদ্মবেশী আৰক্ষীৰ লোককেইজনে ট্ৰাকখন লক্ষীমপুৰৰ দিশে ওভতাই আনে।নিজকে আৰক্ষীৰ লোক বুলি চিনাকী দি ট্ৰাকখনত ভাং থকা বুলি দাবী কৰি আৰক্ষী থানালৈ লৈ অনা বুলি কৈ নাগশংকৰত ১৫নং ৰাষ্ট্ৰীয় ঘাঁইপথৰ দাঁতিৰ পথাৰৰ এটা বিদ্যুৎ খুটাত গাড়ীৰ চালক ইশ্ৰাফুল ইছলাম আৰু হেণ্ডিমেন ইক্ৰামুল ইছলামক ৰছীৰে বান্ধিথৈ ট্ৰাকখনলৈ উধাও হয় ৷ পিছত বান্ধৰ ৰছি খুলি চালক-হেণ্ডিমেনে ওছৰৰ গাওঁবাসীৰ ওচৰ চাপে ৷ গাওঁবাসীৰ খবৰৰ ভিত্তিত নিশাই আৰক্ষীয়ে দুয়োকে উদ্ধাৰ কৰি আৰক্ষী থানালৈ আনি তদন্ত অব্যাহত ৰাখে ৷ নিৰুদ্দেশ হৈ থকা চুপাৰী ভৰ্ত্তি ট্ৰাকখন লক্ষীমপুৰৰ পৰা ৰূপহীলৈ আহিছিল বুলি চালকজনে জানিবলৈ দিয়ে ৷ ইতিমধ্যে গাড়ীৰ গৰাকী লক্ষীমপুৰ বঙালমৰা নিবাসী ছফিকুল ইছলামে জামুগুৰি আৰক্ষী থানাত সমগ্ৰ ঘটনা সন্ধৰ্ভত এখন এজাহাৰ দাখিল কৰে ৷ আৰক্ষীৰ পোচাক পিন্ধি ৰাষ্ট্ৰীয় ঘাইপথত গাড়ী আগছি ধৰি অভিনৱ পদ্ধতিত গাড়ী অপহৰণ কৰা কাৰ্য্যই সম্প্ৰতি ৰাইজক স্তম্ভিত কৰি তুলিছে ৷ বৰ্তমান জামুগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মাণিক বৰমুদৈয়ে সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷

Your Comments