বাটৰ নাটৰ মাধ্যমেৰে ক'ৰ'নাৰ সজাগতা সভা

Pic

গোলাঘাটৰ প্ৰতিবেদক:

সৰ্বত্ৰে কৰ'ণা মহামাৰীয়ে আতংকৰ সৃষ্টি কৰাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন অনুষ্ঠান - প্ৰতিষ্ঠান তথা বিদ্যালয় - মহাবিদ্যালয়ে বিভিন্ন ধৰণে জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে বুধবাৰে লেটেকু আৰু  পোৰাবাংলা অঞ্চলতো তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয় অসমৰ সহযোগত স্থানীয় নাট্যকৰ্মীসকলে এখনি বাটৰ নাট প্ৰদৰ্শন কৰে।বাটৰ নাটৰ দৰে অতিকৈ শক্তিশালী গণমাধ্যমৰ যোগেদি সেই অঞ্চলৰ লোকসকলক আতংকিত নহৈ কেৱল সাৱধানতাৰে এই ৰোগৰ লগত মুখামুখি হবলৈ বাৰ্তা প্ৰেৰণ কৰে। সুন্দৰ অভিনয়ৰে নাটখনি উপস্থাপন কৰা শিল্পীসকল হৈছে বিভাশ শইকীয়া, শ্যামল পাঠক, কৌশিক দত্ত, স্মৃতি দত্ত,শতাব্দী দত্ত, নিশিতা বৰা আৰু বিকাশ দত্ত।

Your Comments