গোলাঘাটৰ প্ৰতিবেদক:
চীনৰ পিছতেই সমগ্ৰ বিশ্বজুৰি ক'ৰ'না মহামাৰীয়ে আতংকৰ পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে ভাৰততো এই বীজাণু সংক্ৰমিত হোৱালৈ লক্ষ্য ৰাখি দেশৰ প্ৰতিখন ৰাজ্যত এতিয়া চৰকাৰে সতৰ্ককতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে।তেনে সময়তে গোলাঘাটৰ পুৰণা আমোলাপট্টী এম ই স্কুলৰ শিক্ষক গোটে পথলৈ ওলাই আহি এই মহামাৰীৰ বিষয়ে মানুহক সজাগ কৰি সৰ্তকতা সম্পৰ্কে অৱগত কৰিছে।প্ৰধান শিক্ষক বৰুণ বৰাৰ তত্বাৱধানত শিক্ষয়িত্ৰী নীলাক্ষী ফুকনে জনসাধাৰণক চেনিটাইজাৰ ব্যৱহাৰ তথা মাক্স পৰিধান কৰা আৰু ল'বলগীয়া সকলো সাৱধানতা সম্পৰ্কে পুৰণা আমোলাপট্টীৰ ৰাইজক ব্যৱহাৰিকভাৱে অৱগত আৰু প্ৰদৰ্শন কৰে।শিক্ষয়িত্ৰীগৰাকীক এই ক্ষেত্ৰত সহযোগ কৰে শিক্ষয়িত্ৰী শিখা কলিতাই।
- Log in to post comments
- 17 views