হাজোত ক'ৰ'না ভাইৰাছ সন্দৰ্ভত সজাগতা সভা 

Pic

হাজোৰ পৰা কমলাকান্ত দাস:

হাজোৰ ৰামদিয়াত ক'ৰ'না ভাইৰাছ প্ৰতিৰোধ সন্দৰ্ভত ভাৰত চৰকাৰৰ  মানৱ উন্নয়ন মন্ত্ৰণালয়ৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত কৰা হয়।এই সজাগতা সভাত যুটীয়া সঞ্চালক কীৰ্তি তিৱাৰী, গোপাজিৎ দাস,এল আৰ বিশ্বনাথ, গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সঞ্চালক ৰমনী মালাকৰ আৰু ৰামদিয়া অঞ্চলৰ বহু লোক উপস্থিত থাকে।মানৱ উন্নয়ন মন্ত্ৰণালয়ৰ এল আৰ বিশ্বনাথে সজাগতা সভাত জনসাধাৰণক 
উৰাবাতৰিত আতংকিত নহ'বলৈ  আহ্বান জনায়।ক'ৰ'না ভাইৰাছ প্ৰতিৰোধ সম্পৰ্কত এখন বাটৰ নাটো প্ৰদৰ্শন কৰা হয়।উল্লেখ্য যে বিশ্বব্যাপি ক'ৰ'না ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে  হাজোত উৰাবাতৰি বিয়পি পৰাত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে।ক'ৰ'নাক প্ৰতিৰোধ আৰু উৰাবাতৰিত বিশ্বাস নকৰাৰ বাবে জনতাৰ মাজত সজাগতা সৃষ্টিৰ অৰ্থেই উক্ত সভাখনৰ অনুষ্ঠিত কৰা হয়।
 

Your Comments