ক'ৰ'না ভাইৰাছ সন্দৰ্ভত বঙাইগাঁও জিলা প্ৰশাসনৰ কঠোৰ নিৰ্দেশনা:ৰে'লৱে জংচনত যাত্ৰীৰ স্ক্ৰিনিঙৰ ব্যৱস্থা

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

সমগ্ৰ দেশতে আতংকৰ সৃষ্টি কৰা ক'ৰ'না ভাইৰাছ প্ৰতিৰোধ সন্দৰ্ভত আৰু ৰাইজৰ মাজত সজাগতা বৃদ্ধি কৰাৰ উদ্দেশ্যৰে বঙাইগাঁও জিলা প্ৰশাসনে এক নিৰ্দেশনা যোগে জিলাখনৰ অন্তৰ্ভুক্ত সকলো ধৰণৰ ব্যক্তিগত বা সমূহীয়া প্ৰতিষ্ঠানে আয়োজন কৰা সকলো ধৰণৰ মেলা,ৰাজহুৱা সভা-সমিতি আদিৰ উপৰিও জনবহুল সমাবেশ আদি তৎকালিনভাৱে নিষিদ্ধ কৰিছে।এই নিৰ্দেশ পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত জিলাখনত বাহাল থাকিব।ইফালে,জিলা প্ৰশাসনৰ তৰফৰ পৰা বঙাইগাঁও চহৰৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত ক'ৰ'না ভাইৰাছ সন্দৰ্ভত ল'বলগীয়া সাৱধানতা সম্পৰ্কে গৰাকী, কৰ্মচাৰী আদিৰ মাজত সজাগতা প্ৰচাৰ চলায়।সেইদৰে জিলা স্বাস্থ্য বিভাগৰ তৰফৰ পৰা নিউ বঙাইগাঁও ৰে'লৱে জংচনত ৰে'ল যোগে অহা যাত্ৰীসকলৰ স্ক্ৰিনিঙৰ ব্যৱস্থা কৰা হয়।

Your Comments