ক'ৰ'নাৰ শংকা:বাহাৰঘাট অঞ্চলৰ সকলো চৰকাৰী,বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধ

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

বিশ্বজুৰি সন্ত্ৰাসৰ সৃষ্টিকাৰী ক’ৰ'না ভাইৰাছৰ ত্ৰাস বাহাৰঘাট অঞ্চলৰ প্ৰতি গাৱঁৰ চুকে-কোণে বিয়পি পৰিছে৷অঞ্চলটোৰ হাট-বজাৰ,দোকান-পোহাৰ আদি সকলোতে মানুহৰ সমাগম শূন্য হৈ পৰিছে৷তদুপৰি অসম চৰকাৰে আজিৰে পৰা ৰাজ্যৰ সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান বন্ধৰ নিৰ্দেশ দিয়াত অঞ্চলটোৰ সকলো চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠান স্বতঃস্ফূৰ্তভাৱে বন্ধ হোৱা পৰিলক্ষিত হৈছে৷মন কৰিবলগীয়া যে অঞ্চলটোৰ  ৰাইজে মাক্স পৰিধান কৰিহে ওলোৱা-সোমোৱা কৰিছে৷আনহাতে,অঞ্চলটোৰ অতি ব্যস্ত চেন্ট্ৰেল বেংক বাহাৰঘাট শাখাতো পূৰ্বৰ কেইদিনৰ তুলনাত মানুহৰ সমাগম বহুত কম দেখা গৈছে৷উল্লেখ্য যে অঞ্চলটোত      হ'ব লগীয়া সভা-সমিতি আদি সাময়িকভাৱে স্থগিত ৰখা বুলি সংবাদ মাধ্যমৰ আগত সদৰি কৰিছে৷

Your Comments