দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ক'ৰ'না ভাইৰাছ সন্দৰ্ভত অভিভাৱকৰে মত বিনিময় অধ্যক্ষৰ 

Pic

হাজোৰ পৰা কমলাকান্ত দাস:

কামৰূপ জিলাৰ দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ক'ৰ'না ভাইৰাছৰ ভয়াৱহতা আৰু এই ক্ষেত্ৰত ল'ব লগা সাৱধানতা সম্পৰ্কে শনিবাৰে অভিভাৱকসকল আৰু ছাত্ৰ-ছাত্ৰীৰ মাজত অধিক সজাগতা সৃষ্টিৰ বাবে বিদ্যালয়খনৰ অধ্যক্ষৰ সৈতে এটছ মত বিনিময় অনুষ্ঠান অনুষ্ঠিত কৰা হয়।বিদ্যালয়খনৰ প্ৰায় দুই শতাধিক অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই মত বিনিময় অনুষ্ঠানত ভাগ লৈ দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পৰেশ বৈশ্যই কয় যে মৃত্যুদূতস্বৰুপ ক'ৰ'না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা পোৱাৰ একমাত্ৰ উপায় হৈছে অধিক সাৱধানতা অৱলম্বন কৰা।এই ক্ষেত্ৰত বিজ্ঞানসন্মতভাৱে নিয়মীয়াকৈ হাত ধোৱা উচিত।তেওঁ অভিভাৱকসকলক জ্বৰ-কাহ হ'লে চিকিৎসকৰ দ্বাৰা স্বাস্থ্য পৰীক্ষা কৰিবলৈ আহ্বান জনায়।নিজৰ সন্তানৰো জ্বৰ-কাহ হ'লে স্কুললৈ পঠোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ আহ্বান জনায়।ঘৰত গৰম পানী ব্যৱহাৰ কৰা,চাবোনৰে সঘনাই হাত ধোৱা,বেছি ৰাজহুৱা সমাগমৰ পৰা আঁতৰত থকা আদি ব্যৱস্থা ল'বলৈ অভিভাৱকসকলক পৰামৰ্শ দিয়ে।তেওঁ ছাত্ৰ-ছাত্ৰীসকলক এইবিধ ভাইৰাছৰ পৰা সুৰক্ষিত কৰি ৰাখিবলৈ বিদ্যালয়ৰ তৰফৰ পৰা লোৱা পদক্ষেপৰ বিষয়েও অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীসকলক অৱগত কৰে।তেওঁ বিদ্যালয়খনৰ সকলো ছাত্ৰ-ছাত্ৰীৰ বাবে ডেটলযুক্ত হেন্ডৱাছ,চেনিটাইজাৰ,টিছু পেপাৰ আদিৰ ব্যৱস্থা কৰা বুলিও সকলোকে অৱগত কৰে।বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সঘনাই হাত ধোৱাৰ ব্যৱস্থা কৰা বুলিও জনায়।তদুপৰি এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলৰ শৈক্ষিক সমস্যাসমূহৰ বিষয়ে আৰু অভিভাৱকসকলৰ অভিযোগ আৰু দিহা-পৰামৰ্শসমূহো পৰ্যালোচনা কৰা হয়।

Your Comments