সাংসদ তপন কুমাৰ গগৈয়ে সোণাৰিত আধাৰশিলা স্থাপন কৰিলে ১১টা পকী নলাৰ 

Pic

সোণাৰিৰ পৰা ঘন বৰা:

চৰাইদেউ জিলাৰ সোণাৰিত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে শুকুৰবাৰে সোণাৰি পৌৰসভাৰ অন্তৰ্গত SOPD আঁঁচনিৰ অধীনত ১১ টা পকী নলাৰ কেন্দ্ৰীয়ভাৱে আধাৰশিলা স্থাপন কৰে।সোণাৰি ৰাজহুৱা প্ৰেক্ষাগৃহৰ পৰা দৈনিক বজাৰ সংযোগী নলা, বাহাদুৰ পথৰ নলা,বিষ্ণু দত্ত পথৰ নলা,বৰুৱা আলি পথৰ নলা,চেনীগুদাম পথৰ নলা, উপায়ুক্ত কাৰ্য্যালয়ৰ পৰা শংকৰদেৱ বিদ্যালয় সংযোগী নলা,কলছী গ্ৰেজৰ পৰা গড়কাপ্তানী কাৰ্য্যালয় সংযোগী নলা,পাৰ্বতীপুৰ পথৰ নলা, ৰাচি লাইন পথৰ নলা,সোণাপুৰ সংযোগী পথৰ নলা আৰু সোণাপুৰ পথৰ নলা।সোণাৰি পৌৰসভাৰ উপ-সভাপতি গিৰীণ গগৈয়ে আঁঁত ধৰা সভাত আদৰণি ভাষণ আগবঢ়ায় সভানেত্ৰী প্ৰণীতা পাংগিঙে।সাংসদগৰাকীৰ উপৰিও আধাৰশিলা অনুষ্ঠানত অতিৰিক্ত উপায়ুক্ত প্ৰণৱ কুমাৰ বড়া,এ পি ডি চি এলৰ বৰ্ড অব ডাইৰেক্টৰ অনুপ সিং ৰাজপুৰুহিত, জনসংযোগ বিষয়া জয়ন্ত মাউত,সমাজকৰ্মী তিলক নেওগ,লক্ষ্মীনাথ তাছা,কাজল দে', দিলীপ কোঁৱৰ আদিকে ধৰি সোণাৰি নগৰৰ গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

Your Comments