পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে জিলিকি উঠিছে কলিয়াবৰৰ নতুনডাঙ্গা

Pic

কলিয়াবৰৰ পৰা প্ৰদীপ লস্কৰ:

বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি আছে কলিয়াবৰ। আহোম যুগৰ বহু ঐতিহাসিক সম্বলৰে ভৰপূৰ এইখন কলিয়াবৰত আছে পৰ্যটনৰ মেটমৰা সম্ভাৰ।ইয়াৰ কাষেদি বৈ যোৱা বৰ লুইতৰ কাষে কাষে আছে আহোম যুগৰ কেইবাটাও মঠ-মন্দিৰ। প্ৰকৃতিয়ে হাতবাউল দি মতা কলিয়াবৰক পৰ্যটনৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তুলিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে কলিয়াবৰ মহকুমা প্ৰশাসনে।কলিয়াবৰ মহকুমাৰ মহকুমাধিপতি বিতোপন নেওগৰ ঐকান্তিক প্ৰচেষ্টাত অঞ্চলটোৱে পৰ্যটন ক্ষেত্ৰখনত এক নতুন পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে।

Pic

এই সন্দৰ্ভত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা পাঁচশ মিটাৰ উত্তৰে অৱস্থিত এখন গাঁৱৰ কথা উল্লেখ কৰিব লাগিব।প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ গাঁওখন এসময়ত চোৰাং চিকাৰীৰ ৰম্যভূমি আছিল আৰু চোৰাং গঁড় চিকাৰীয়ে আশ্ৰয় লৈ গঁড় চিকাৰ কৰিছিল।গাঁওখনৰ বহু লোক এই দুষ্কাৰ্যৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত আছিল,যাৰ বাবে প্ৰশাসনে তীক্ষ্ণ নজৰত ৰাখিছিল গাঁওখনক।শেহতীয়াকৈ কলিয়াবৰ প্ৰশাসনৰ বিশেষ তৎপৰতাত গাঁওখনৰ প্ৰতিচ্ছবি সলনি হ'বলৈ আৰম্ভ কৰিছে।গাঁওখনত স্থাপন কৰিছে 'চ'ৰান-এহেম' নামৰ খাদ্য সামগ্ৰীৰ লগতে সাজ-পাৰৰ এখন বিপনী।বৰ্তমান বিপনীখনলৈ দেশী-বিদেশী পৰ্যটকৰ আগমন ঘটিছে। যাৰ বাবে গাঁওখনৰ লোকসকল আৰ্থিকভাৱে স্বাৱলম্বী হ'বলৈ সক্ষম হৈছে।গাঁওখনৰ লোকসকলে প্ৰকৃতিক ভাল পাবলৈ আৰম্ভ কৰিছে।গঁড় চিকাৰৰ দৰে দুষ্কাৰ্য্য পৰিহাৰ কৰি উদ্যানখনৰ জীৱ-জন্তুৰ লগতে প্ৰকৃতিক সুৰক্ষা দিয়া কামত নিজকে সমৰ্পণ কৰা দৃষ্টিগোচৰ হৈছে।ইতিমধ্যে কলিয়াবৰ মহকুমা প্ৰশাসনে গাঁওখনৰ নাম চিকাৰী গাঁৱৰ পৰিৱৰ্তে নতুনডাঙ্গা নামেৰে নামাকৰণ কৰিছে।উল্লেখযোগ্য যে যোৱা ৫ মাৰ্চ তাৰিখে ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰচৰে কাজিৰঙাৰ গঁড়ক লৈ এখন তথ্যচিত্ৰ প্ৰস্তুত কৰাৰ বাবে কাজিৰঙালৈ আহিছিল আৰু সেই সূত্ৰে নতুনডাঙ্গা অঞ্চলত উপস্থিত হৈ স্থানীয় লোকৰ লগত মত-বিনিময় কৰিছিল। লগতে চ'ৰান-এহেমত জনগোষ্ঠীয় সুস্বাদু আহাৰ গ্ৰহণ কৰি অভিভূত হৈ পৰিছিল প্ৰাক্তন ক্ৰিকেটাৰগৰাকী।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষতে অৱস্থিত গাঁওখন যে এদিন দেশী-বিদেশী পৰ্যটকৰ অধিক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব,ইয়াত কোনো সন্দেহ নাই বুলি সচেতন মহলে মত পোষণ কৰিছে।

Your Comments