মৰিগাঁৱৰ পৰা জিতুমণি নাথ:
মাটি-বাৰী তথা ৰাজহৰ ক্ষেত্ৰত গ্ৰাম্য অঞ্চলৰ ৰাইজৰ মাজত সজাগতা আৰু সুবিধাৰ অৰ্থে মৰিগাঁও জিলা প্ৰশাসনে এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰাৰ বিশেষ তৎপৰতাত আৰু মৰিগাঁও ৰাজহ চক্ৰৰ সহযোগত গ্ৰাম্য অঞ্চলৰ ৰাইজৰ সুবিধাৰ বাবে পঞ্চায়তে পঞ্চায়তে আৰম্ভ কৰিছে ৰাজহ আদালত।সেই অনুসৰি বৃহস্পতিবাৰে মৰিগাঁও বিধান সভা সমষ্টিৰ অন্তৰ্গত দন্দুৱা গাঁও পঞ্চায়তত আৰম্ভ কৰে ৰাজহ আদালত।ৰাজহ আদালতৰ সময়ত অঞ্চলতোৰ জনসাধাৰণৰ মাটি-বাৰী সম্পৰ্কীয় বিষয় যেনে- নামজাৰি,বাটৰুৱা আদিত সৃষ্টি হৈ থকা সমস্যা সমূহ সমাধান কৰাত গুৰুত্ব আৰোপ কৰে । জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত ৰাজহ আদালতত মৰিগাঁও জিলা উপায়ুক্ত ঋতুৰাজ বৰা,অতিৰিক্ত উপায়ুক্ত ডা০ তহিদুৰ ৰহমান,ৰুমি বৰুৱা,মৰিগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মুনমি কলিতা আদি কৰি জিলা প্ৰশাসনৰ কেইবাজনো বিষয়া কৰ্মচাৰীয়ে অংশ গ্ৰহণ কৰে।ইফালে মৰিগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মুনমী কলিতাই জানিবলৈ দিয়া মতে সৰ্বসাধাৰণ ৰাইজৰ সুবিধাৰ বাবে জিলাখনৰ পঞ্চায়তে পঞ্চায়তে ৰাজহ আদালতৰ ব্যৱস্থাৰ কৰাৰ লগতে অহা ১৮ মাৰ্চত বঘৰা,২৫ মাৰ্চত দীঘলবৰী,৩১ মাৰ্চত শিলচাং গাঁও পঞ্চায়তত ৰাজহ আদালত অনুষ্ঠিত হ'ব বুলি মন্তব্য কৰে।
- Log in to post comments
- 70 views