কনিষ্ঠ অভিযন্তা ৰাজীৱ(জিতু) লহকৰৰ মৃত্যু:বাহাৰঘাটত শোকৰ ছাঁঁ

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

ঘগ্ৰাপাৰ আৰক্ষী থানাৰ অন্তৰ্গত পূৰ্নদৈচপৰা(লহকৰপাৰা)ৰ তথা পঞ্চায়ত আৰু গ্ৰমোন্নয়ন বিভাগত কনিষ্ঠ অভিযন্তা হিচাবে কৰ্মৰত ৰাজীৱ লহকৰ(৫২)ওৰফে জিতুৰ উচ্চ ৰক্তস্ৰাৱ জনিত ৰোগত বৃহস্পতিবাৰে দিনৰ ভাগত গুৱাহাটীৰ এখন বেচৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়৷অঞ্চলটোৰ সৰবৰহী শিক্ষাবিদ  প্রয়াত  গিৰীন্দ্ৰ চন্দ্ৰ লহকৰৰ পুত্ৰ জিতু সৰুৰে পৰা অতি মেধাসম্পন্ন ছাত্ৰ আছিল৷হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ পৰৱৰ্তী সময়ত ইঞ্জিনীয়াৰিং পৰীক্ষাত উত্তীৰ্ণ হৈ পোনতে অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগত চাকৰি জীৱন আৰম্ভ কৰে৷ইয়াৰ পিচতে লহকৰে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত যোগদান কৰি মৃত্যু পৰ্যন্ত উক্ত বিভাগতে কৰ্মৰত হৈ আছিল৷উল্লেখযোগ্য যে প্ৰয়াত পিতৃৰ স্মৃতিত অহা ১৪ আৰু ১৫ মাৰ্চত অনুস্থিত হ'ব লগা দিবানৈশ ভলীবল প্ৰতিযোগিতাৰ বাবে অন্যান্য বন্ধুসকলৰ লগত ব্যস্ত থকা মুহূৰ্ততে যোৱা ১০ মাৰ্চত লহকৰ গুৰুতৰভাৱে অসুস্থ হৈ পৰে৷অসুস্থ অৱস্থাত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও অৱশেষত গুৱাহাটীৰ এখন বেচৰকাৰী চিকিৎসালয়ত মৃত্যুক আকোঁৱালি লয়৷অতিপাত সৰবৰহী লহকৰৰ মৃত্যুৰ বাতৰিয়ে সকলো গুণমুগ্ধক শোককুল কৰি তোলে৷তেওঁৰ মৃত্যুত লহকৰপাৰা জনশিক্ষা পুথিভঁৰাল,পঃবঃলহকৰপাৰা হাইস্কুল,লহকৰপাৰা গাওঁ উন্নয়ন সমিতি,বাহাৰঘাট নালান্দা পাব্লিক স্কুল,বাহাৰঘাট ৰাম যজ্ঞ উদযাপন সমিতি,বৈল্লপে’ৰা গোষ্ঠী,বিজেপি বড়িগোগ বনভাগ মণ্ডল সমিতি,পঃবঃসাৰ্ব্বজনীন দুৰ্গাপূজা মণ্ডপ(দেহাৰকুছি),বাহাৰঘাট শংকৰদেৱ বিদ্যা নিকেতন,বাহাৰঘাট আঞ্চলিক শাখা সাহিত্য সভা,বৰভাগ বনভাগ আঞ্চলিক ৰঙালী বিহু সন্মিলন,বাহাৰঘাট এম ভি স্কুল আদি কৰি একাধিক  অনুষ্ঠানৰ    লগতে বিধায়ক অশোক শৰ্মা,সাংসদ দিলীপ শইকীয়াৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰে৷মৃত্যুৰ সময়ত তেওঁ পত্নী,এটি পুত্ৰ,এগৰাকী কন্যা সন্তান,ভাই,ভাইবোৱাৰীসহ অজস্ৰ গুণমুগ্ধক এৰি থৈ যায়৷

Your Comments