ঘগ্ৰাপাৰৰ-বিলপাৰত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী গোপাল মন্দিৰত ৪৫ সংখ্যক আঞ্চলিক অখণ্ড একনাম সংকীৰ্ত্তন সমাৰোহত ভক্তৰ ভিৰ

Pic

নৰেন শৰ্মা,বাহাৰঘাট:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিলপাৰ গাঁওস্থিত ঐতিহ্যমন্ডিত শ্ৰীশ্ৰী গোপাল মন্দিৰ প্ৰাংগণত ৪৫ সংখ্যক বিলপাৰ আঞ্চলিক 'অখণ্ড একনাম সংকীৰ্ত্তন সমাৰোহ'খন যোৱা ৮ মাৰ্চৰ পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হৈছে। প্ৰাণেশ্বৰ ডেকাক সভাপতি,যতীন দাস,জয়ন্ত ডেকা আৰু,ঘনশ‍্যাম দাসক উপ-সভাপতি,বিলাস কুমাৰ দাসক সম্পাদক,সহ-সম্পাদক বিতোপন ডেকা আৰু দ্বিজেন ডেকাক কোষাধ‍্যক্ষ হিচাপে লৈ গঠন কৰা এখন পৰিচালনা সমিতিয়ে সমাৰোহখন সুচাৰুৰূপে পৰিচালনা কৰিছে।কাৰ্য্যসূচী অনুসৰি ৮ মাৰ্চৰ পুৱা ধৰ্মীয় ধ্বজা উত্তোলন,স্মৃতি তৰ্পণ,সমূহীয়া চাফাই অভিযান।সন্ধিয়া ৫ বজাত মুখ্য দ্বাৰ উন্মেচন কৰে শিক্ষাবিদ তথা বৰভাগ কলেজৰ অৱসৰী অধ‍্যক্ষ ফণীধৰ ডেকাই।ইয়াৰ পিছতে বন্তি প্ৰজ্বলন কৰে ঘগ্ৰাপাৰ গাঁও পঞ্চায়তৰ সভাপতি ৰাতুল শৰ্মাই।সন্ধিয়া ৬ বজাত মুখ্য থাপনা স্থাপন,জল আহৰণ।সন্ধিয়া ৭ বজাত বিশ্ব শান্তিৰ বাবে সহস্ৰ বন্তি প্ৰজ্বলন কাৰ্য্যসূচী মুকলি কৰে ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীয়ে।নিশা অগ্নি কুণ্ড উদ্বোধন।৯ মাৰ্চৰ পুৱা ৬ বজাৰ পৰা অখণ্ড একনাম সংকীৰ্ত্তনৰ আৰম্ভণি।পুৱা ১০ বজাত মিষ্টান্ন ভোগ বিতৰণ উদ্বোধন কৰে বড়িগোগ বনভাগ আঞ্চলিক পঞ্চায়তৰ সভাপতি তৰুণ বুজৰবৰুৱাই।সন্ধিয়া ৫ বজাত বিশ্ব শান্তিৰ বাবে সহস্ৰ বন্তি প্ৰজ্বলন কৰে ঘগ্ৰাপাৰ আঞ্চলিক পঞ্চায়তৰ সদস্য মনেশ্বৰ ভৰালীয়ে।সন্ধিয়া ৬:৩০ বজাত সম্বৰ্ধনা অনুষ্ঠান।১০ মাৰ্চ পুৱা অখণ্ড একনাম সংকীৰ্ত্তন অহৰ্নিশে।দুপৰীয়া ভোগ বিতৰণ, বিশ্ব শান্তিৰ বাবে বন্তি প্ৰজ্বলন কৰিব মা পদ্মা গেছ এজেন্সীৰ স্বত্ত্বাধীকাৰী ৰাজেশ্বৰ কলিতাই। সন্ধিয়া ৭বজাত স্থানীয় দলৰ দ্বাৰা আৰতি প্ৰদৰ্শন।১১ মাৰ্চ অৰ্থাৎ অন্তিম দিনা ৰশপুৱা ৬:৩০ বজাত অখণ্ড একনাম সংকীৰ্ত্তনৰ পৰিসমাপ্তি।পুৱা ১০ বজাত দধীভাণ্ড বিসৰ্জন তথা প্ৰসাদ বিতৰনে অনুষ্ঠানটিৰ সামৰণি পৰিব।উল্লেখ‍্য‍ ৯ মাৰ্চৰ পুৱা ৬ বজাৰ পৰা অখণ্ড একনাম সংকীৰ্তন আৰম্ভ হৈ (একেৰাহে ) অহৰ্নিশে ছয় একনাম দলে হৰে কৃষ্ণ হৰে কৃষ্ণ,কৃষ্ণ কৃষ্ণ হৰে হৰে।হৰে ৰাম হৰে ৰাম,ৰাম ৰাম হৰে হৰে পৰিৱেশন কৰি ১১ মাৰ্চৰ ৰাতিপুৱা ৬: ৩০ বজাত অখণ্ড একনাম সংকীৰ্ত্তনৰ পৰিসমাপ্তি । ইতিমধ্যে এই অখণ্ড একনাম সংকীৰ্ত্তন সমাৰোহত সেৱা-অৰ্চনা কৰি মন কামনা-বাসনা পুৰন কৰা অৰ্থে ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে।

Your Comments